Local, Vocal, Global

গুৱাহাটীৰ বিৰুবাৰী ধৰ্ষণ কাণ্ডৰ অভিযুক্ত দিগন্ত দাস আৰক্ষীৰ জালত !

ডিজিটেল ডেস্কঃ-কিশোৰী ধৰ্ষণৰ অভিযুক্ত দিগন্ত দাস আৰক্ষীৰ জালত।পল্টন বজাৰ আৰক্ষীৰ জালত গুৱাহাটীৰ বিৰুবাৰী ধৰ্ষণ কাণ্ডৰ অভিযুক্ত দিগন্ত দাস ।ভাড়াতীয়া কিশোৰী কন্যাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল দিগন্ত দাসৰ বিৰুদ্ধে।ভুক্তভোগী পৰিয়ালৰক ঘৰ খালী কৰাৰো ভাবুকি প্ৰদান কৰিছে দিগন্ত দাসে।

বিৰুবাৰীৰ ১৩ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰাৰ অভিযোগত অভিযুক্তক গুৱাহাটী মহানগৰ আৰক্ষীয়ে জিম্মাত লৈছিল।আজি ৰাতিপুৱা জালুকবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।৪৯ বছৰীয়া দাস হৈছে ভাড়াঘৰটোৰ মালিক য’ত ভুক্তভোগী ছোৱালীজনী আৰু তাইৰ পৰিয়ালে বাস কৰিছিল।
খবৰ অনুসৰি নাবালিক ছোৱালীজনীক ভাড়াঘৰত যৌন নিৰ্যাতন কৰিছিল ঘৰৰ কোনো নথকাৰ সুযোগ লৈ।ঘটনাটো বিৰুবাৰীৰ নিজোৰাপাৰা অঞ্চলত সংঘটিত হৈছিল।তাৰ পাছতেই পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল যদিও পলাতক অৱস্থাত আছিল দিগন্ত।