Local, Vocal, Global

আপুনি বাৰু পিম্পলৰ সমস্যাৰ সম্মুখীন হৈছে নেকি?পিম্পলৰ বাবে আপুনি চিন্তাত ভুগিছে নেকি?ঘৰত থাকিয়েই আপুনি পিম্পলৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব…

আজিকালি, বহুতো লোকে পিম্পলৰ সমস্যাত ভুগি থকা দেখা যায়।পিম্পল আঁতৰাবলৈ বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰা দেখা যায়। কেতিয়াবা নতুন ক্ৰীম কেতিয়াবা কোনো নতুন ফেচৱাছ । কিন্তু এই সামগ্ৰীবোৰ কেৱল কম সময়ৰ বাবেহে লাভজনক। ৰাসায়নিক পদাৰ্থৰ পৰা তৈয়াৰ কৰা সামগ্ৰীবোৰে আমাৰ ছালৰ যথেষ্ট ক্ষতি কৰে।ঘৰতে আপুনি নেমুৰ পৰা ফেচপেক প্ৰস্তুত কৰিব পাৰে আৰু ই ছালৰ ক্ষতি নকৰে।আৰু দীৰ্ঘম্যাদী সময়ৰ বাবে ই লাভজনক। গতিকে আপুনি ঘৰতে নেমুৰ ফেচপেক প্ৰস্তুত কৰি ইয়াক ব্যৱহাৰ কৰিব পাৰে।ঘৰতে ফেচপেক প্ৰস্তুত কৰি আপুনি পিম্পলৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।

নেমুৰ পৰা ফেচপেক কেনেদৰে প্ৰস্তুত কৰিব আপুনি-

আপুনি পিম্পলৰ পৰা পৰিত্ৰাণ পাবলৈ নেমু আৰু মৌ মিহলি কৰি ফেচপেক বনাব পাৰে। এটা বাটি বা যিকোনো সৰু পাত্ৰত এক চামুচ সতেজ নেমুৰ ৰস লওঁক। এই ৰসত এক চামুচ মৌ যোগ দিয়ক। ইয়াৰ পিছত, মৌ-নেমু ভালদৰে মিহলি কৰক আৰু পেষ্ট এটা বনাওক। ই ৫,মিনিটত তৈয়াৰ হয়।
কেনেদৰে ব্যৱহাৰ কৰিব আপুনি ইয়াক ?
প্ৰথমে আপোনাৰ মুখখন ভালদৰে ধুব। তাৰ পিছত মুখখন কোমল টাৱেলেৰে মচি দিয়ক। কপাহৰ বল এটাৰ সহায়ত গোটেই মুখত তৈয়াৰ কৰা পেষ্টটো ভালদৰে লগাই দিয়ক। ২০ মিনিটৰ পিছত আপোনাৰ মুখখন পৰিষ্কাৰ পানীৰে ধুই দিয়ক।

নেমু আৰু মৌৰ ফেচপেকৰ যথেষ্ট লাভালাভ আছে
নেমুত চাইট্ৰিক এচিড পোৱা যায়। ই মুখৰ লেতেৰা আঁতৰ কৰে। চাইট্ৰিক এচিডৰ ফলত, পিম্পল সৃষ্টিকাৰী বেক্টেৰিয়া নাইকিয়া হয়। ই মুখৰ তেলও নিয়ন্ত্ৰণ কৰে। যাতে কোনো পিম্পল নাথাকে।
মৌত বেক্টেৰিয়া প্ৰতিৰোধী গুণাগুণ থকা দেখা যায়। বেক্টেৰিয়া আঁতৰাই পিম্পলবোৰো আঁতৰ কৰাত সহায় কৰে। মৌৱে মুখমণ্ডলৰ উজ্জ্বলতা বৃদ্ধি কৰে। পিম্পলৰ উপৰিও, ই ছালক আৰু বহুতো লাভালাভ প্ৰদান কৰে। ফেচপেকবোৰত দুয়োটাৰ গুণাগুণ অন্তৰ্ভুক্ত থাকে। যি ছালক লাভান্বিত কৰে।

পিম্পলৰ কাৰণ কি?

সাধাৰণতে ৰ’দৰ ধুলিৰ ফলত মুখত জমা হোৱা লেতেৰাৰ ফলত পিম্পল উলাই। তৈলাক্ত ছালৰ বাবেও পিম্পল উলাই। নেমু-মৌৰে তৈয়াৰ কৰা পেষ্টে সকলো লেতেৰা পৰিষ্কাৰ কৰে আৰু পিম্পলৰ পৰা আৰোগ্য কৰে।