Local, Vocal, Global

পুনৰ বৈজ্ঞানিক সকলৰ এক চম্‌ক জনিত আৱিষ্কাৰ, এইবাৰ বিশ্বলৈ আহিব এটা বিশেষ আকৃতিৰ ৰবৰ্ট !

আধুনিকতাৰ প্ৰভাৱ বৃদ্ধি হোৱাৰ লগে লগেই সমগ্ৰ বিশ্বতে বিজ্ঞান তথা বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ লগত জড়িত বিভিন্ন যন্ত্ৰ তথা কম্পিউটাৰৰ দ্বাৰা প্ৰগ্ৰেমিং কৰিব পৰা বিভিন্ন ধৰনৰ ৰবৰ্টৰ আৱিষ্কাৰ বৃদ্ধি পাইছে৷
এইবাৰ বৈজ্ঞানিক সকলে হিউমন্যাইড ৰবৰ্ট তৈয়াৰ কৰি উলিয়াইছে৷

ই হৈছে এক আকৃতি সলনি কৰিব পৰা ৰবৰ্ট। যি শক্তিৰ সৈতে আপোচ নকৰাকৈ জটিল পৰিৱেশবোৰটো তৰল আৰু ধাতুৰ স্থিতিৰ মাজত নিজৰ আকৃতিৰ সাল-সলনি কৰিব পাৰে৷তথ্য অনুসৰি এই হিউমন্যাইড ৰবৰ্টসমূহ ইলেক্ট্ৰনিক্স এচেম্বলী তথা চিকিৎসা প্ৰয়োগৰ ক্ষেত্ৰত অধিক উপযোগিতা প্ৰদান কৰিব বুলি গৱেষক সকলে মত প্ৰকাশ কৰে৷
গৱেষকসকলে এনেধৰনৰ ৰবটবোৰক বিভিন্ন ধৰনৰ চিকিৎসাজনিত সমস্যা সৈতে জড়িত দিশত ব্যৱহাৰৰ বাবে প্ৰস্তত কৰি উলিয়াইছে ৷
এই বিশেষ ৰবট বিধ পান আৰু তেওঁৰ সহকৰ্মী চীনৰ চান য়াট-সেন বিশ্ববিদ্যালয়ৰ কিংয়ুৱান ৱাঙৰ গৱেষকৰ এটা দলে গৱেষণা কৰি উলিয়াইছে৷
গৱেষক সকলে মত প্ৰকাশ কৰে যে “ৰবটবোৰক তৰল আৰু কঠিন অৱস্থাৰ মাজত সলনি কৰাৰ সামৰ্থ্য প্ৰদান কৰিলে ৰটববোৰে অধিক কাৰ্যক্ষমতা প্ৰদান কৰিব পাৰিব।”এনেধৰনৰ ৰবট ডিজাইন কৰিবলৈ, গৱেষকসকলে এক অ-বিষাক্ত সামগ্ৰীৰ প্ৰয়োজন ব্যৱহাৰ কৰে যি পৰিৱেশৰ উষ্ণতাত কোমল আৰু কঠিন অৱস্থাৰ মাজত সহজে স্থানান্তৰ কৰিব পাৰে।
গৱেষকসকলে এনেধৰনৰ ৰবট নিৰ্মাণ কৰিবৰ বাবে চুম্বকীয় কণাৰ সৈতে এটা গেলিয়াম মেট্ৰিক্স অন্তৰ্ভুক্ত কৰিছিল।
কঠিনৰ পৰা তৰললৈ পৰিৱৰ্তনটো বিপৰীত হয় নে নাই চাবলৈ, পৰীক্ষা কৰাৰ পিছত, গৱেষকসকলে তেওঁলোকৰ সৰু ৰবটবোৰৰ বিভিন্ন পৰীক্ষাৰ নিৰীক্ষন চলাইছিল। এনেধৰনৰ ৰবটবোৰে সৰু খাদৰ ওপৰেৰে জপিয়াব পাৰে , ওপৰেৰে উঠিব পাৰে।
এই ৰবটবোৰক গৱেষক সকলে টাৰ্মিনেটৰ ২ চলচ্চিত্ৰৰ এটা দৃশ্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ পুনৰ গঠন কৰিছিল।ইয়াৰ পিছত, দলটোৱে ৰবট বোৰৰ ব্যৱহাৰিক প্ৰয়োগৰ অনুসন্ধান কৰে। তেওঁলোকে মানুহৰ পেটৰ এটা আৰ্হি সৃষ্টি কৰি ৰবটটোৰে ইয়াৰ ভিতৰত থকা এটা সৰু বস্তু আৱৰি ধৰি আঁতৰাই পেলাব পাৰে নে নাই তাক নিৰীক্ষণ কৰিছিল
গৱেষক সকলৰ মতে বাস্তৱ-পৃথিৱীৰ প্ৰয়োগৰ বাবে,এই ৰবট সমূহক আৰু অধিক কাৰ্যক্ষম তথা গৱেষণা কৰাৰ প্ৰয়োজন হ’ব ৷
এই বিশেষ ৰবট বিধক লৈ গৱেষকসকলে এতিয়াও বিতংভাৱে অনুসন্ধান কৰি আছে বুলি জানিব পৰা গৈছে৷ প্ৰকৃততে ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে বৈজ্ঞানিক সকলে বৰ্তমানেও বিভিন্ন অধ্যয়ন তথা পৰীক্ষা নিৰীক্ষা চলাই আছে৷