মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিবাহ,হ’বলগীয়া পত্নীৰ সৈতে মন্দিৰত উপস্থিত অনন্ত আম্বানী !

ভাৰতৰ আটাইতকৈ ডাঙৰ ব্যৱসায়িক টাইকুন আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিবাহ ৷
হ’বলগীয়া পত্নী ৰাধিকা মাৰ্চেণ্টৰ সৈতে শোকোৰবাৰে গুৰুৱায়ুৰ মন্দিৰত দেখা গ’ল অনন্ত আম্বানীক ৷
ইতিমধ্যেয়ে আম্বানী বাসগৃহত পৰিয়াল, আত্মীয় আৰু বন্ধু-বান্ধৱীৰ উপস্থিতিত সম্পন্ন হ’ল দুয়োৰে বাগ্দান পৰ্ব। কিছুদিন পূৰ্বে ৰাধিকা মাৰ্চেণ্টৰ সৈতে এংগেজমেণ্ট সম্পন্ন হ’ল ভাৰতৰ উদ্যোগপতি মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ। ১৯ জানুৱাৰীত আনুষ্ঠানিকভাৱে বাগদান পৰ্ব সম্পন্ন হৈছিল অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ।
শোকোৰবাৰে এনেদৰে হ’বলগীয়া পত্নী ৰাধিকা মাৰ্চেণ্টৰ সৈতে গুৰুৱায়ুৰ মন্দিৰত উপস্থিত হৈ তেওঁলোকৰ নতুন জীৱনৰ আৰম্ভণিৰ বাবে সৰ্বশক্তিমানৰ পৰা আশীৰ্বাদ বিচাৰি দুয়োয়ে৷
বৰ্তমান সমগ্ৰ দেশে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিশাল বিবাহৰ বাবে অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে, কিয়নো ই এতিয়ালৈকে ভাৰতৰ আটাইতকৈ ব্যয়বহুল বিবাহসমূহৰ ভিতৰত এখন হ’ব। বৰ্তমান এতিয়া তেওঁলোকৰ ভ্ৰমণৰ ছবি আৰু ভিডিঅ’বোৰ সামাজিক মাধ্যমত অতিকৈ ভাইৰেল হৈ পৰিছে আৰু নেটিজেনসকলে দম্পতীহালক সুব প্ৰশংসাও কৰিছে। ভিডিঅটোত অনন্ত আৰু ৰাধিকাক মন্দিৰৰ চৌহদৰ ভিতৰত পুৰোহিতৰ এটা দলৰ সৈতে থিয় হৈ আৰধনা কৰি থকা দেখা পোৱা গৈছে।
বৰ্তমান তেওঁলোকৰ অনুৰাগী সকলে অনন্ত আৰু ৰাধিকাকৰ বিবাহক লৈ অধিক বেছি আলোঢ়িত হৈ পৰিছে৷