Local, Vocal, Global

আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৫ সংখ্যক মৃত্যু বাৰ্ষিকী!

আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৫ সংখ্যক মৃত্যু বাৰ্ষিকী।সমগ্ৰ ৰাষ্ট্ৰই আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৫ সংখ্যক মৃত্যু বাৰ্ষিকীত মহান নেতা গৰাকীক সশ্ৰদ্ধৰে সুঁৱৰিছে।এই দিনটো ছহিদ দিৱশ হিচাপে পালন কৰা হয়।১৯৮৪ চনৰ আজিৰ দিনটোত এই মহান নেতা গৰাকীক গুলীয়াই হত্যা কৰা হৈছিল।

গান্ধীজীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে প্ৰতিবাৰৰ দৰে এইবাৰো ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ৰাজঘাটত থকা মহাত্মা গান্ধীৰ সমাধিত এখন সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়।এই উপলক্ষে ৰাষ্ট্ৰপতি,উপ- ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে বাপুৰ সমাধিত পুষ্পাৰ্ঘ্য নিবেদন কৰে।উল্লেখ্য যে ১৯৮৪ চনৰ ৩০ জানুৱাৰীত নাথুৰাম গডছে গান্ধীক গুলীয়াই হত্য়া কৰিছিল।ৰাজঘাটত অনুষ্ঠিত অনুষ্ঠানত ৰাজনাথ সিঙকে ধৰি বিজেপিৰ বহু কেইগৰাকী শীৰ্ষ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অংশগ্ৰহন কৰি গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে