নিশা এই ঘৰটোত ডাঙৰ মানুহে কেছুৱাৰ দৰে কান্দে কিয়?
ডিজিটেল ডেস্কঃ এটা আচৰিত ঘৰ ! ঘৰৰ বেছমেণ্টৰ পৰা শুনা যায় কেঁচুৱাৰ কান্দোনৰ শব্দ। কিন্তু ঘৰত নাই কোনো কেঁচুৱা সন্তান ! গা শিহঁৰিত এটা। ভিডিঅ ইতিমধ্যে ৰাজহুৱা হৈছে।
ঘৰৰ বেছমেণ্টৰ পৰা আহি আছে নৱজাত কেঁচুৱাৰ চিঞৰ। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এইটো খবৰ । ভূতৰ দেহৰ আঁৰত আৰু কিবা এটা ৰহস্য আছে নেকি! ঘৰৰ বেছমেণ্টৰ পৰা প্ৰত্যেক দিনেই শুনা যায় নৱজাত কেঁচুৱাৰ চিঞৰ। কিন্তু ঘৰত নাই কোনো নৱজাতক ।
কান্দোনৰ উৎস বিচাৰি উলিওৱা সম্ভৱ নহ’ল কোনো ব্যক্তিৰ বাবে। মাত্ৰ ঘৰৰ চাৰিওফালে এৰি থৈ যোৱা অব্যৱহৃত সামগ্ৰী। শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এনে এটা ভয়ানক ভিডিঅ’।
ভিডিঅ’টো বনোৱা ব্যক্তিজনৰ মুখত ভয়ৰ চাৱনি। তেওঁ ভাবে যে এই ঘটনাৰ আঁৰত এটা ভূতৰ কাহিনী আছে। দিনটোৰ যি সময়ত এই ঘটনা সংঘটিত হৈছিল, সেই সময়ত ব্যক্তিজনে দ্বিতীয় মহলাৰ কোঠাটোত কাপোৰ ইস্ত্ৰী কৰি আছিল। হঠাৎ তলৰ মহলাৰ পৰা এটা ক্ষীণ গুণগুণনি শব্দ শুনিবলৈ ধৰিলে। কাম এৰি সি খৰখেদাকৈ নামি আহিল। অধিক স্পষ্টভাৱে মাতটো তেওঁৰ কাণত উপনীত হ’ল। এক মুহূৰ্ত পলম নকৰাকৈয়ে গোটেই ঘটনাটো ভিডিঅ’ কৰিবলৈ ধৰিলে। সময় পাৰ হৈ যোৱাৰ লগে লগে কোলাহল অধিক তীব্ৰতৰ হৈ পৰিল।বহুতে ভিডিঅ’টোত মন্তব্য দিবলৈ ধৰিলে। ভূত ভয় কৰাসকলে মানুহজনৰ সাহসৰ প্ৰশংসা কৰে। বহুতে লিখিছে, “এনে পৰিস্থিতিত কেমেৰা ব্যৱহাৰ কৰি ৰেকৰ্ডিং কৰাটো সঁচাকৈয়ে সাহসী।”অৱশ্যে বহুতৰ মতে ই কোনো ভূত নহয়, কিন্তু ভালদৰে চালে বিড়ালৰ পোৱালি এটাই মাতি থকা দেখিবলৈ পাব। ঘটনাৰ ৰহস্য উদ্ঘাটন কৰিব পৰা নাই কোনো ব্যক্তিয়ে।