Local, Vocal, Global

প্ৰেমিকাৰ মৃতদেহ ৩৫ টুকুৰা কৰি কুকুৰ-শিয়ালৰ খাদ্য কৰিলে আফতাবে

ডিজিটেল ডেস্কঃ প্ৰেমিকাক হত্যা কৰি মৃতদেহ কাটি টুকুৰা-টুকুৰ কৰা হ’ল৷ তাৰ পাছত এটুকুৰা-এটুকুৰা কৰি জংঘলত দলিয়াই শিয়াল-কুকুৰৰ খাদ্য কৰিলে প্ৰেমিকাৰ শৰীৰ৷ এদিন দুদিন নহয়, মুঠ ১৮ দিনত দলিয়াই শেষ কৰিলে প্ৰেমিকাৰ শৰীৰৰ টুকুৰাসমূহ৷ আফতাব আমিন পুনাৱালাই নৃশংসভাৱে হত্যা কৰে শ্ৰদ্ধা ৱাকাৰক৷ এই ঘটনা সংঘটিত হৈছে দিল্লীত৷ দস্যূ প্ৰেমিক আফতাব আমিন পুনাৱালা আৰক্ষীৰ জালত পৰাৰ পাছতে পোহৰলৈ আহিছে সমস্ত ঘটনা৷
২৬ বছৰীয়া শ্ৰদ্ধা ৱাকাৰ লিভ-ইন সঙ্গী আছিল হত্যাকাৰী আফতাব আমিন পুনাৱালাৰ৷ নিজ প্ৰেমিকাক পৰিকল্পিতবাৱে হত্যা কৰাৰ প্ৰায় পাঁচ মাহৰ মূৰত দিল্লীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আফতাবক। আৰক্ষীয়ে অভিযুক্ত আফতাবক গ্ৰেপ্তাৰ কৰি শ্ৰদ্ধাৰ মৃতদেহৰ তালাচী চলাই আছে। আফতাবে শ্ৰদ্ধাক হত্যা কৰি শৰীৰটো ৩৫ টুকুৰা কৰিছিল আৰু দিল্লীৰ বিভিন্ন অঞ্চলত পেলাই দিছিল। ৮ নৱেম্বৰত পিতৃ বিকাশ মদন ৱাকাৰে জীয়ৰীৰ অপহৰণ কৰাৰ অভিযোগ আনি দিল্লীৰ মেহৰৌলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ২৬ বছৰীয়া শ্ৰদ্ধা ৱাকাৰে মুম্বাইৰ এটা বহুজাতিক কোম্পানীৰ কল চেণ্টাৰত কাম কৰিছিল। সেই সময়তে শ্ৰদ্ধাই আফতাব আমিনক লগ পাইছিল। ইজনে সিজনক ভাল পাবলৈ আৰম্ভ কৰি লিভ-ইন সম্পৰ্কত থাকি একেলগে থাকিবলৈ লয়। পৰিয়ালে এই কথা জানি বিৰোধ কৰিছিল৷ বিৰোধ কৰাত শ্ৰদ্ধা আৰু আফতাবে হঠাতে মুম্বাই ত্যাগ কৰে। মেহৰৌলিৰ ছত্ৰপুৰ অঞ্চলত বাস কৰিবলৈ আৰম্ভ কৰে। শ্ৰদ্ধা ৱাকাৰৰ পিতৃ মহাৰাষ্ট্ৰৰ পালঘৰত বাস কৰে। ৮ নৱেম্বৰত ছত্ৰপুৰত শ্ৰদ্ধাৰ ফ্লেটত উপস্থিত হৈছিল পিতৃ৷ পিতৃয়ে ফ্লেটটোৰ দুৱাৰখন বন্ধ অৱস্থাত প্ৰত্যক্ষ কৰে। তাৰ পাছত মেহৰৌলি আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষীৰ এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে শনিবাৰে আফতাবক ফ্লেটৰ পৰা আটক কৰে। আফতাবক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত শ্ৰদ্ধাৰ কথা নজনাৰ ভাও জোৰে৷ কেইবামাহৰ আগতে শ্ৰদ্ধা গুছি যোৱা বুলি কয়। কিন্তু কঠোৰ জেৰা আৰম্ভ কৰাত হত্যাৰ কথা স্বীকাৰ কৰে আফতাবে৷ শ্ৰদ্ধাই প্ৰায়ে বিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল। এই বিষয়ে দুয়োৰে মাজত কাজিয়া হৈছিল। ১৮ মে’ত, কাজিয়াৰ সময়ত শ্ৰদ্ধাক হত্যা কৰে। ইয়াৰ পিছত, শৰীৰটো চাপাডৰ পৰা কেইবাটুকুৰা টুকুৰাকৈ কাটি দিল্লীৰ বিভিন্ন অঞ্চলত পেলাই দিয়ে। আফতাবে স্বীকাৰ কৰি কয় প্ৰতি নিশা ২ বজাত ফ্লেটৰ পৰা ওলাই গৈছিল আৰু শৰীৰৰ টুকুৰাবোৰ ১৮ দিন ধৰি বিভিন্ন স্থানত দলিয়াই আছিল।