Local, Vocal, Global

পুৰুষ অথবা মহিলা নহয়, ৰেম্পত খোজ দিব তৃতীয় লিঙ্গৰ লোকে

ডিজিটেল ডেস্কঃ এটা ব্যতিক্ৰমী ফেশ্বন শ্ব’ৰ বাবে সাজু হৈছে উত্তৰ-পূৱ ৷ পুৰুষ অথবা মহিলা নহয়, ৰেম্পত খোজ দিব তৃতীয় লিঙ্গৰ লোকে৷ তৃতীয় লিংগ মানেই তৃতীয় পক্ষ নহয়, তৃতীয় লিংগৰ লোকৰো আছে সন্মানজনক জীৱন যাপনৰ অধিকাৰ৷ সম্প্ৰতি তৃতীয় লিংগৰ লোক সকলৰ অধিকাৰ লাভৰ বাবে বিশ্বৰ ভিন্ন দেশৰ ভিন্ন প্ৰান্তত দাবী উঠা দেখা যায়। বহু অন্তৰ্জাতিক সংস্থাই সক্ৰীয়ভাৱে সমাজত তৃতীয় লিংগৰ লোক সকলৰ অধিকাৰ প্ৰাপ্তিৰ বাবে নিৰবিচ্ছিন্নভাৱে সংগ্ৰাম চলাই নিছে। অসমতো ছাত্ৰ আৰু যুৱচামৰ মাজত তৃতীয় লিংগৰ লোক সকলৰ প্ৰতি প্ৰচলিত পৰম্পৰাগত ৰক্ষণশীল মনোভাৱৰ পৰিৱৰ্তে দেখিবলৈ পোৱা যায় লিঙ্গ বৈষম্য বিৰোধী প্ৰগতিশীল চিন্তা। অসমৰ প্ৰেক্ষাপটত ৰূপান্তৰকামী এনে পুৰুষৰ পৰা মহিলা হোৱা ট্ৰান্স ৱমেনৰ মাজত আয়োজিত হ’ব ওলাইছে Miss Trans North East প্ৰতিযোগিতা৷ পুৰুষৰ পৰা মহিলালৈ পৰিৱৰ্তীত হোৱা ট্ৰান্স মহিলা সকলে Miss Trans North East খিতাপৰ বাবে ৰেম্পত দিব খোজ

পিছে পুৰুষপ্ৰধান সমাজ ব্যৱস্থাত নিজকে পুৰুষৰ পৰা মহিলালৈ পৰিৱৰ্তনৰ যাত্ৰা মসৃন নাছিল এওঁলোকৰ বাবে, পদে পদে আছিল প্ৰত্যাহ্বান৷ কিন্তু সকলো প্ৰত্যাহ্বান উফৰাই তেওঁলোকে মহিলা পৰিচয় স-সন্মানে গ্ৰহণ কৰিছে৷ কিয়নো পুৰুষ হৈ জন্ম হ’লেও চিকিৎসাৰ দ্বাৰা নিজ শৰীৰ মহিলালৈ পৰিৱৰ্তন কৰা এই ট্ৰান্স মহিলা সকল সন্তান জন্ম দিবলৈয়ো সক্ষমতা অৰ্জন কৰে৷ ট্ৰান্স মহিলাৰো আছে বিবাহ কৰাৰ অধিকাৰ, সন্তান জন্ম দিয়াৰ অধিকাৰ৷ একেদৰে তেওঁলোকৰ আছে সৌন্দৰ্য চৰ্চাৰ অধিকাৰ৷ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ প্ৰত্যেকগৰাকী ট্ৰান্স মহিলাক সংগঠিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই Miss Trans North East প্ৰতিযোগিতা৷

কোনে মাৰিব Miss Trans North East প্ৰতিযোগিতাত বিজয়ৰ শেষ হাঁহি সেয়া হ’ব লক্ষণীয়

ভিডিঅ’ জাৰ্নেলিষ্ট মানসৰ সহযোগত সপোন বৰাৰ প্ৰতিবেদন, MyNews NE