Zee Newsক আকৌ উভতি ধৰিলে কংগ্ৰেছে…
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ‘জি নিউজ’ৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ। কংগ্ৰেছৰ হিমাচল প্ৰদেশ ৰাজ্যিক কমিটিয়ে চেনেলটোৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগক দাখিল কৰিছে গুৰুতৰ অভিযোগ৷ প্ৰায় প্ৰতিটো নিৰ্বাচনতে চেনেলটোৱে বিজেপিৰ সহায়ক হোৱাকৈ এগজিট প’ল প্ৰকাশ কৰি আহিছে বুলি দাবী কৰিছে কংগ্ৰেছে৷
এনে কাৰ্যৰ জৰিয়তে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমটোৱে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰো অভিযোগ তুলিছে কংগ্ৰেছে৷ সেয়ে চেনেলটোৰ বিৰুদ্ধে আইন অনুযায়ী কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে হিমাচল প্ৰদেশ কংগ্ৰেছে৷
উল্লেখ্য যে, অহা ১২ নৱেম্বৰত হিমাচলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ৷ এটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব অহা ৮ ডিচেম্বৰত৷ কিন্তু ভোট গ্ৰহণৰ পূৰ্বেই জি নিউজে নিয়ম ভংগ কৰি এগজিট প’ল সম্প্ৰচাৰ কৰাতো কোনো কাৰণতে মানি লোৱা নহ’ব বুলিও সকীয়াই দিয়ে কংগ্ৰেছে।
ইফালে, পক্ষপাতিত্বমূলকভাৱে বাতৰি সম্প্ৰচাৰ কৰাৰ লগতে এগজিট প’ল প্ৰস্তুত কৰা চেনেলটোৰ বিৰুদ্ধে প্ৰেছ কাউন্সিল অব ইণ্ডিয়াকো ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে কংগ্ৰেছে। তাৎপৰ্যপূৰ্ণ যে পূৰ্বেও উক্ত চেনেলটোৰ কৰ্ম-কাণ্ডৰ বিৰুদ্ধে সৰৱ হৈ আহিছিল কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব।