Local, Vocal, Global

হঠাৎ খহি পৰিল দলঙৰ এটা অংশ, দুখন বাহন আৱদ্ধ হৈ গুৰুতৰভাৱে আহত ৬ জন লোক

ডিজিটেল ডেস্কঃ ওড়িশাত ভয়ংকৰ ঘটনা। দেওবাৰে বিয়লি ৰাজ্যখনৰ কালাহান্দি জিলাত এখন দলঙৰ এটা অংশ হঠাৎ ভাগি পৰাত দুখন বাহন আৱদ্ধ হৈ ৬ জনকৈ লোক গুৰুতৰভাৱে আহত হয়।

বিয়লিৰ ভাগত কালাহান্দি জিলাৰ ভৱানীপটনা আৰক্ষী থানাৰ অন্তৰ্গত টি ৰামপুৰত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, দুখন চাৰিচকীয়া বাহনে দলংখন পাৰ হ’বলৈ লওতেই হঠাৎ দলঙৰ এটা অংশ খহি পৰে। যাৰ ফলত বাহন দুখনত থকা ৬ জন যাত্ৰী আহত হয়।

পিছত ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, দেওবাৰে গুজৰাটতো সংঘটিত হয় একেধৰণৰ মৰ্মান্তিক ঘটনা।

ষট পূজাৰ আনন্দৰ মাজতে গুজৰাটৰ মৰবীত এখন কেবল দলং চিগি পৰাৰ ফলত প্ৰায় ডেৰ শতাধিক লোকৰ মৃত্যু ঘটাৰ লগতে এতিয়াও সন্ধানহীন হৈ আছে বহু লোক।