গুৱাহাটীত ন’ পাৰ্কিঙত গাড়ী ৰখোৱা IPS আনন্দ মিশ্ৰক জৰিমণা বিহিলে আৰক্ষীয়ে

ডিজিটেল ডেস্কঃ মহানগৰীত জৰিমণা ভৰিবলগীয়া হ’ল আইপিএছ আনন্দ মিশ্ৰই।
ন’ পাৰ্কিঙত গাড়ী ৰখোৱাৰ বাবে আৰক্ষীয়ে জৰিমণা বিহে আইপিএছ বিষয়াগৰাকীক।
উল্লেখ্য যে, মহানগৰীৰ তীব্ৰ যান-জঁটৰ সমস্যা ৰোধৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে মহানগৰ আৰক্ষীয়ে।
বিশেষকৈ পথৰ দাঁতিত যান বাহন ৰখোৱাক লৈ কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে।
ইয়াৰ মাজতে বৃহস্পতিবাৰে দিনৰ ভাগত আইপিএছ আনন্দ মিশ্ৰই খ্ৰীষ্টান বস্তি অঞ্চলত ন’ পাৰ্কিঙত গাড়ী ৰখায়।
যাৰ বাবে মহানগৰ যান বাহন আৰক্ষীয়ে ২০০০ হাজাৰ টকাৰ জৰিমণা বিহে আইপিএছ বিষয়াগৰাকীক।
এগৰাকী আইপিএছ বিষয়াক জৰিমণা বিহি আইন যে সকলোৰে বাবে সমান সেয়া প্ৰমাণ কৰিছে মহানগৰ আৰক্ষীয়ে।