Local, Vocal, Global

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ঘৃণনীয় মন্তব্য, সমাজবাদী পাৰ্টীৰ জ্যেষ্ঠ নেতা আজম খানসহ ৩ জনক ৩ বছৰ কাৰাদণ্ড আদালতৰ

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ প্ৰবীণ নেতা আজম খানক ৩ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে।

২০১৯ চনত মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ গোচৰত দোষী সাব্যস্ত কৰি আজম খানৰ লগতে আন দুজনক ৩ বছৰৰ কাৰাদণ্ড আৰু ২ হাজাৰ টকাৰ জৰিমণা বিহে ৰামপুৰ আদালতে।

প্ৰণিধানযোগ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল আজম খানে।

ইয়াৰ পিছতে সমাজবাদী পাৰ্টীৰ জ্যেষ্ঠ নেতাজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল ঘৃণামূলক ভাষণৰ গোচৰ।

পৰৱৰ্তী সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা হয় যদিও উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰাত চলিত বৰ্ষৰ আৰম্ভণিতে মুকলি কৰি দিয়া হৈছিল আজম খানক।

উত্তৰ প্ৰদেশৰ এইগৰাকী প্ৰাক্তন মন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতি আৰু চুৰিকে ধৰি ৯০টা গোচৰ ৰুজু হৈ আছে।