Local, Vocal, Global

ডিব্ৰুগড়ত অনগনবাড়ী কৰ্মীক চোকা অস্ত্ৰৰে হত্যা

নিউজ ডেস্ক: ডিব্ৰুগড়ত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড। তেজেৰে ৰাঙলী হৈ থকা অৱস্থাত নিজ বাসগৃহতে উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ। চহৰখনৰ লাচিত নগৰৰ নিজ বাসগৃহত ৰিমা দাস নামৰ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়৷

মৃতদেহত মূৰ আৰু ডিঙিত চোকা অস্ত্ৰৰ আঘাতৰ চিন স্পষ্ট হৈছে। ঘৰত কোনো নথকাৰ সুযোগ লৈ মহিলাগৰাকীক হত্যাৰ সন্দেহ। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। মহিলাগৰাকী স্থানীয় অংগনবাড়ী কেন্দ্ৰত কৰ্মৰত আছিল।