Local, Vocal, Global

কৰ্কট ৰোগত মৃত্যু অস্কাৰৰ বাবে মনোনীত ‘চেল্লো শ্ব’ৰ ১০ বছৰীয়া শিশু অভিনেতা

নিউজ ডেস্ক: মৰ্মান্তিক! অস্কাৰৰ বাবে মনোনীত ‘চেল্লো শ্ব’ৰ ১০ বছৰীয়া শিশু অভিনেতা ৰাহুল কোলিৰ কৰ্কট ৰোগত মৃত্যু হৈছে । ১০ বছৰীয়া শিশুটিৰ মৃত্যুৰ খবৰে চাৰিওফালে শোকৰ ছাঁ পেলোৱা দেখা গৈছে।

‘চেলো শ্ব’ৰ ৬জন শিশু অভিনেতাৰ মাজৰ এজন আছিল প্ৰয়াত ৰাহুল কোলি। উল্লেখ্য যে ইংৰাজীত ‘লাষ্ট ফিল্ম শ্ব’ হিচাপে জনাজাত এই ছবিখন ২০২৩ চনৰ অস্কাৰ বঁটাত আন্তৰ্জাতিক ফিচাৰ ফিল্ম শাখাৰ বাবে ভাৰতৰ পৰা মনোনীত হৈছে।

শোকত ভাগি পৰা ৰাহুলৰ দেউতাক ৰামু কোলিয়ে কয়- “ৰাহুলে ২ অক্টোবৰ, দেওবাৰে ৰাতিপুৱাৰ আহাৰো খাইছিল। অৱশ্যে, কেইঘণ্টামানৰ ভিতৰতে জ্বৰ ইমান বাঢ়িছিল যে তিনিবাৰ তেজ বমি হয়। তাৰপিছতে আমাৰ পুত্ৰই আমাক এৰি গুচি যায়। আমাৰ পৰিয়ালটো ভাঙি পৰিছে। কিন্তু আমি একেলগে তেওঁৰ শ্ৰাদ্ধৰ কাম সম্পূৰ্ণ কৰি ১৪ অক্টোবৰত মুক্তি পাবলগীয়া তেওঁৰ অন্তিমখন ছবি ‘লাষ্ট ফিল্ম শ্ব’ চাম,’’।

ৰাহুল তেওঁলোকৰ জ্যেষ্ঠ পুত্ৰ আছিল।