প্ৰথম, দ্বিতীয় আৰু তৃতীয় মাহত লাভ কৰা দৰমহাৰে কি কৰিব লাগিব! ক’লে মুখ্যমন্ত্ৰীয়ে?

নিউজ ডেস্ক : আজি খানাপাৰাত অনুস্থিত হৈছিল অসম চৰকাৰৰ বৃহৎ নিযুক্তি সমাৰোহ। ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে ২৪টা বিভাগৰ ১১,২৩৬টা পদৰ প্ৰাৰ্থীলৈ প্ৰদান কৰিলে নিযুক্তি পত্ৰ।
নিযুক্তি পত্ৰ বিতৰণ অনুস্থানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। নিযুক্তি লাভ কৰা প্ৰাৰ্থী সকলক উদ্দেশ্যি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে নিয়োগ লাভ কৰা প্ৰাৰ্থীসকললৈ বিশেষ আহ্বান জনায়। প্ৰথম লাভ কৰা দৰমহাৰে মাক–দেউতাকক উপহাৰ, দ্বিতীয়তে গাঁৱৰ নামঘৰত বৰঙণি আৰু তৃতীয় মাহত নিজ বিদ্যালয়খনত সহায় কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীৰ।
তাৰোপৰি নিয়োগ লাভ কৰা প্ৰাৰ্থীৰ কাৰোবাৰ ঘৰত যদি অৰুণোদয় আঁচনি লাভ কৰি আছে, আজিয়ে কৰ্তন কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।
নতুনকৈ নিযুক্তি পোৱা আৰক্ষীসকলক দুখীয়া মানুহক অত্যাচাৰ নকৰিবৰ বাবে আহ্বান জনাই। মাৰ্চিডিজ চালকক হুইচেল আৰু ৰিক্সাচালক–ঠেলাচালকক লাঠি, এনে কাৰ্য ত্যাগ কৰিবৰ বাবে আহ্বান জনাই। তেওঁ লগতে কয় যে ডাঙৰ অফিচাৰে এনে বাণী পাহৰি যায়, কিন্তু তোমালোকে পাহৰিলে নহ’ব ।