‘শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা ২০২২’ বিজয়ীসকলৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে
নিউজ ডেস্ক, ৫ ছেপ্তেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে শিক্ষক দিৱস উপলক্ষে আবেলি ৪.৩০ বজাত তেওঁৰ বাসগৃহত ‘শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা ২০২২’ বিজয়ীসকলৰ সৈতে বাৰ্তালাপ কৰিব।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ (PMO) মতে শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ উদ্দেশ্য হৈছে দেশৰ শ্ৰেষ্ঠ শিক্ষকসকলৰ অনন্য অৱদান উদযাপন আৰু সন্মান কৰা।
ৰাষ্ট্ৰীয় বঁটাসমূহে প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত শিক্ষাদান কৰা মেধাৱী শিক্ষকসকলক ৰাজহুৱা স্বীকৃতি প্ৰদান কৰে।
এই বছৰ বঁটাসমূহৰ বাবে এক কঠোৰ আৰু স্বচ্ছ তিনি পৰ্যায়ৰ অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে সমগ্ৰ দেশৰ পৰা প্ৰায় ৪৫ জন শিক্ষক বাছনি কৰা হৈছে।
আজি শিক্ষক দিৱস উপলক্ষে নিৰ্বাচিত বঁটা বিজয়ীসকলক ৰাষ্ট্ৰপতি দ্ৰৌপাডি মুৰ্মুয়ে এই সন্মানীয় বঁটা প্ৰদান কৰিব।
এই বৰ্ষত বঁটাসমূহৰ বাবে বাছনি কৰা শিক্ষকসকল হৈছে প্ৰধানকৈ হিমাচল প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ, মহাৰাষ্ট্ৰ আৰু তেলেংগানাৰ পৰা অহা আৰু অন্যান্য অঞ্চলৰ।
বাতৰি অনুসৰি, অনুষ্ঠানটো নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’ব আৰু শিক্ষা মন্ত্ৰালয়ৰ দূৰদৰ্শন আৰু স্বয়ম প্ৰভা চেনেলত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব।
মন কৰিকৰিব লগীয়া যে শিক্ষা মন্ত্ৰালয়ে প্ৰতি বছৰে ৫ ছেপ্টেম্বৰত বিজ্ঞান ভৱনত দেশৰ শ্ৰেষ্ঠ শিক্ষকসকলক বঁটা প্ৰদানৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰি আহিছে।
১৮৮৮ চনৰ আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰা দাৰ্শনিক-লেখক আৰু ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এছ ৰাধাকৃষ্ণণৰ স্মৃতিত সমগ্ৰ দেশতে শিক্ষক দিৱস পালন কৰা হয়। শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে তেওঁক স্মৰণ কৰা হয়।
সমগ্ৰ দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু শিক্ষকসকলক সন্মান জনোৱাৰ বাবে ১৯৬২ চনত শিক্ষক দিৱস উদযাপনৰ পৰম্পৰা আৰম্ভ হৈছিল।