পবিত্ৰ গংগা নদীত অঘটন
নিউজ ডেস্ক, ৫ ছেপ্তেম্বৰ : বিহাৰৰ দানাপুৰৰ শ্বাহপুৰ আৰক্ষী থানা অঞ্চলৰ ওচৰত গংগা নদীত দেওবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা।
বাতৰি অনুসৰি, দুৰ্ঘটনাটোত ৫৫ জন লোকক কঢ়িয়াই নিয়া এখন নাও ডুবি যায়।
বিষয়াসকলে জনাইছিল যে ঘটনাটোত এতিয়ালৈকে কমেও ১০ জন লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে। আৰু তেওঁলোকক বিচাৰি উলিওৱাৰ বাবে এটা অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে।
খবৰ অনুসৰি নাওখনত থকা সকলো ব্যক্তি পাটনাৰ দৌদপুৰৰ বাসিন্দা আছিল।
খবৰ অনুসৰি , শ্ৰমিকসকল কামৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে সংঘটিত হৈছিল শোকাৱহ ঘটনাটো। বাতৰিটো বিয়পি পৰাৰ লগে লগে মানুহবোৰ চাৰিওফালে গোট খাই ছিল।
উদ্ধাৰকাৰী দল আৰু পেছাদাৰী ডুবাৰুসকলৰ সৈতে ভুক্তভোগীসকলৰ সন্ধানত সোনকালেই এটা অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছিল।
জানিব পৰা অনুসৰি, নাওখনত থকা সকলো ব্যক্তি পাটনাৰ দৌদপুৰৰ বাসিন্দা আছিল।