ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ লিখিত পৰীক্ষাত অথন্তৰ
নিউজ ডেস্ক, ২১ আগষ্ট : আজি সমগ্ৰ অসমত অনুষ্ঠিত হৈছে চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ লিখিত পৰীক্ষা।
পুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু আবেলি ২ বজাৰ পৰা আবেলি ৪ বজালৈ দুটা পৰ্য্যায়ত অনুষ্ঠিত হৈছে পৰীক্ষাসমূহ।
আজি পৰীক্ষা অনুষ্ঠিত হোৱা জিলাসমূহত কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে।
কিন্তু তাৰ মাজতে কোকৰাঝাৰত চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত ঘটিল অথন্তৰ।
পৰীক্ষাৰ এডমিট কাৰ্ডত ভুল কেন্দ্ৰৰ নাম উল্লেখ। এডমিট কাৰ্ড দেখুৱাবলৈ গৈ বিপাঙত পৰিল শতাধিক পৰীক্ষাৰ্থী।
গোসাইগাঁৱৰ জাৰাগুৰী কেন্দ্ৰৰ সলনি পৰীক্ষাৰ এডমিট কাৰ্ডত নাম আহিল ছালাকাটি কেন্দ্ৰৰ সেয়েহে গোসাইগাঁৱৰ সলনি পৰীক্ষাৰ্থী উপস্থিত হ’ল ছালাকাটিত।
পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হ’ল বহু পৰীক্ষাৰ্থী।
অৱশ্যে, তৎকালীন পদক্ষেপ গ্ৰহণ কৰে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত উপায়ুক্তই।