ডবকাৰ চালবাগান অঞ্চলত অঘটন

নিউজ ডেস্ক, ২১ আগষ্ট : দেওবাৰে অসমৰ হোজাই ( Hojai) জিলাৰ অন্তৰ্গত ডবকাৰ চালবাগান অঞ্চলত এখন চলন্ত ডাম্পাৰ ট্ৰাকত পথৰ মাজত জুই লাগে।
AS 09 AC 8981 পঞ্জীয়ন নম্বৰ থকা ট্ৰাকখন ডিফুৰ (Diphu) পৰা ডবকা ( Dabaka) অভিমুখে গৈ থকা অৱস্থাত গাড়ীখনত জুই লাগিছিল।
অৱশ্যে, বৰ্তমান সময়লৈকে ঘটনাটোত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।
ঘটনাটোৰ ফলত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত শ শ বাহন আৱদ্ধ হৈ পৰাৰ বাবে প্ৰচুৰ যান-জঁটৰ সৃষ্টি কৰিছিল।
ইফালে, স্থানীয় লোকসকলে অভিযোগ কৰে যে ঘটনাটোৰ এঘণ্টা পলমকৈ অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয়।