Local, Vocal, Global

পাকিস্তানৰ এটাকে ধৰি মুঠ আঠটা YouTube channel অৱৰোধ

নিউজ ডেস্ক, ১৮ আগষ্ট : ভাৰতৰ ৰাজহুৱা শৃংখলা, বৈদেশিক সম্পৰ্ক আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কে মিছা তথ্য প্ৰচাৰ কৰাৰ বাবে বৃহস্পতিবাৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে পাকিস্তানৰ এটাকে ধৰি মুঠ আঠটা YouTube channel অৱৰোধ (block) কৰিছে।

তথ্য প্ৰযুক্তি নিয়ম, ২০২১ অনুসৰি, মন্ত্ৰালয়ে ভাৰতীয় আৰু এটা পাকিস্তানী উৎসৰ সৈতে সাতটা YouTube channelক ব্লেকলিষ্ট কৰিছে।

তথ্য অনুসৰি নিষিদ্ধ চেনেলবোৰৰ ১১৪ কোটিৰো অধিক দৰ্শন (views) আৰু প্ৰায় ৮৫,৭৩,০০০ জন সদস্য আছিল।

পোহৰলৈ আহিছে যে অৱৰোধ কৰা ইউটিউব চেনেলবোৰে ফোনী ভাৰত বিৰোধী প্ৰচাৰৰ (phoney anti-Indian propaganda) পৰা ধন উপাৰ্জন কৰিছিল।

উল্লেখ্য যে, ২৫ এপ্ৰিলত, ই ইতিমধ্যে ভাৰতৰ নিৰাপত্তা, আন দেশৰ সৈতে সম্পৰ্ক আৰু ৰাজহুৱা শৃংখলাৰ বিষয়ে মিছা তথ্য প্ৰচাৰ কৰাৰ বাবে ভাৰতৰ ১০ টা আৰু পাকিস্তানৰ ৬ টাকে ধৰি ১৬ টা ইউটিউব নিউজ চেনেল বন্ধ কৰি দিছিল।