স্বাধীনতা দিৱসৰ পূৰ্বে উদ্ধাৰ বৃহৎ পৰিমাণৰ IED
নিউজ ডেস্ক, ১০ আগষ্ট : জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে বুধবাৰে স্বাধীনতা দিৱসৰ কেইদিনমান আগতে বৃহৎ পৰিমাণৰ Improvised Explosive Devices (IED) উদ্ধাৰ কৰে।
খবৰ অনুসৰি, পুলৱামাৰ চাৰ্কুলাৰ ৰোডৰ তাহাব ক্ৰছিংৰ ( Tahab Crossing ) ওচৰত আৰক্ষীয়ে প্ৰায় ২৫ ৰ পৰা ৩০ কিলোগ্ৰাম বিস্ফোৰক উদ্ধাৰ কৰে।
ভাৰতৰ ৭৫ তম স্বাধীনতা দিৱসৰ কেইদিনমান আগতে বিস্ফোৰক উদ্ধাৰৰ লগে লগে এটা ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছে বহুজন।
কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (ADGP) বিজয় কুমাৰে কয়, “পুলৱামাৰ চাৰ্কুলাৰ ৰোডৰ তাহাব ক্ৰছিংৰ ওচৰত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে প্ৰায় ২৫ ৰ পৰা ৩০ কিলোগ্ৰাম ওজনৰ এটা আইইডি উদ্ধাৰ কৰে। পুলৱামা আৰক্ষীৰ দ্বাৰা সৃষ্টি কৰা নিৰ্দিষ্ট ইনপুটৰ দ্বাৰা এটা ডাঙৰ দুৰ্ঘটনা প্ৰতিহত কৰা হৈছে।”
লক্ষ্ণৌত চাবাউদ্দিনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (IPC) 121A, 122, 123 ধাৰা, বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন আৰু অস্ত্ৰ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।