Local, Vocal, Global

ৰাজ্যত পুনৰ নাবালিকাক ধৰ্ষণ

নিউজ ডেস্ক, ৯ আগষ্ট : ৰাজ্যত অব্যাহত আছে ধৰ্ষণৰ দৰে জঘন্য কাণ্ডৰ। সোমবাৰে গুৱাহাটীৰ নুনমাতী অঞ্চলত এজনী নাবালিকা ছোৱালীক বলাৎকাৰ কৰাৰ অভিযোগত এজন ৬০ বছৰীয়া বৃদ্ধক গ্ৰেপ্তাৰ কৰা হয়।

মাক-দেউতাক কামৰ বাবে বাহিৰলৈ যোৱাৰ পাছত ভুক্তভোগী ছোৱালীজনী আবেলি (৬ বছৰ বয়সৰ) ঘৰত অকলে থকা অৱস্থাৰ সুযোগ লৈ, দ্বিজেন ৰামচিয়াৰী (Dwijen Ramsiyari) বুলি চিনাক্ত কৰা অভিযুক্তজনে ঘৰৰ ভিতৰত সোমাই জঘন্য অপৰাধ টো সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে।

জানিব পৰা গৈছে যে তাইৰ ১০ বছৰীয়া ভায়েকে অপৰাধটো প্ৰত্যক্ষ কৰিছিল কিন্তু ভয় খাই ঘটনাস্থলীৰ পৰা পলাই গৈছিল।

পিছত, যেতিয়া মাক-দেউতাক ঘৰলৈ উভতি আহে, ভুক্তভোগী ছোৱালীজনীয়ে গোটেই ঘটনাটো তেওঁলোকক বৰ্ণনা কৰে, যাৰ পিছত, তেওঁলোকে ৰামচিয়াৰীৰ বিৰুদ্ধে আৰক্ষীত অভিযোগ দাখিল কৰে।

আৰক্ষীয়ে অভিযোগৰ ভিত্তিত অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে আৰু তেওঁৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশুসুৰক্ষা আইন ( Protection of Children from Sexual Offences Act, POCSO), ২০১২ ৰ অধীনত এটা গোচৰ ৰুজু কৰে।