Local, Vocal, Global

জ্যেষ্ঠ কূটনীতিবিদ প্ৰণয় বাৰ্মাক ভাৰতৰ নতুন High Commissioner হিচাপে নিযুক্তি

নিউজ ডেস্ক, ২৯ জুলাই : জ্যেষ্ঠ কূটনীতিবিদ প্ৰণয় বাৰ্মাক (Pranay Verma) শুকুৰবাৰে বাংলাদেশত ভাৰতৰ নতুন উচ্চায়ুক্ত (High Commissioner) হিচাপে নিযুক্ত কৰা হয়।

যি দুয়োখন দেশৰ মাজত সৰ্বাত্মক কৌশলগত অংশীদাৰিত্বৰ পৰিপ্ৰেক্ষিতত এক গুৰুত্বপূৰ্ণ পোষ্টিং হিচাপে বিবেচিত হৈছে।

১৯৯৪ চনৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া , বৰ্তমান ভিয়েটনামত ভাৰতৰ দূত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা প্ৰণয় বাৰ্মা, বৰ্তমানৰ বিক্ৰম ডৰাইস্বামীৰ উত্তৰাধিকাৰী হ’ব।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, “তেওঁ শীঘ্ৰেই এই দায়িত্ব গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।”

খবৰ অনুসৰি ডৰাই স্বামীয়ে UKত ভাৰতীয় উচ্চায়ুক্ত হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰিবলৈ সাজু হৈছে।

UKত ভাৰতীয় উচ্চায়ুক্ত Gaitri Issar Kumarৰে ৩০ জুনত চাকৰিৰ পৰা অৱসৰ লৈছিল।

বৰ্তমান MEAত অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সন্দীপ আৰ্যক ভিয়েটনামত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে।