Local, Vocal, Global

অসম ৰাজ্যিক পৰিবহণ নিগমে আৰম্ভ কৰিছে E-Ticketing সেৱা

নিউজ ডেস্ক, ২৩ জুলাই : অসম ৰাজ্যিক পৰিবহণ নিগমে (ASTC) বাছৰ টিকট অনলাইন বুকিং কৰিবৰ বাবে আৰম্ভ কৰিছে E-Ticketing সেৱা ।

শনিবাৰে ASTCৰ পৰিচালনা সঞ্চালক ৰাহুল চন্দ্ৰ দাসে জাৰি কৰা বিজ্ঞপ্তিত কৈছে যে এই সেৱা আৰম্ভণিতে অসম ইলেক্ট্ৰনিক্স ডেভেলপমেণ্ট কৰ্পোৰেচন লিমিটেড (AMTRON)ৰ সহযোগত ৰাজ্যখনৰ কামৰূপ মেট্ৰ’ আৰু শোণিতপুৰ জিলাত আৰম্ভ কৰা হব।

গুৱাহাটীৰ পৰা নগাঁও হৈ তেজপুৰলৈ এটা পাইলট প্ৰকল্পৰ বাবে এই সেৱা আৰম্ভ কৰা হৈছে, আৰু পৰৱৰ্তী সময়ত অন্যান্য পথসমূহতো আৰম্ভ কৰা হ’ব।

ৰাজ্যৰ সকলো অংশ সামৰি ল’বলৈ ছফ্টৱেৰটো উন্নীত হোৱাৰ পিছত যাত্ৰীসকলে চহৰ আৰু আন্তঃজিলা সেৱা দুয়োটাৰ বাবে ASTC বাছৰ ই-টিকেটিং সেৱা লাভ কৰিব পাৰিব।

টিকটবোৰ www.astcbus.com উপলব্ধ হ’ব, আৰু যাত্ৰীসকলে astc2009@gmail.com হেল্প ডেস্ক বা অভিযোগ নিষ্পত্তি কোষৰ জৰিয়তে সমস্যাৰ বিষয়ে জনাব পাৰিব।

আনহাতে, যাত্ৰীসকলে যিকোনো ধৰণৰ অভিযোগ দাখিল কৰাৰ বাবে ১৮০০-৩৪৫-৩৯৮৬ নম্বৰৰ 24×7 অৰ্থ্যাৎ টোল-ফ্ৰী হেল্প ডেস্কও উপলব্ধ কৰা হৈছে।