Local, Vocal, Global

জম্মু -কাশ্মীৰৰ সীমান্তৰ আকাশত পাকিস্তানী ড্ৰোন

নিউজ ডেক্স ,২৩ জুলাই : জম্মুৰ কানাচক অঞ্চলত আকাশত ড্ৰোন উৰি থকা দেখি শুকুৰবাৰে নিশা প্ৰায় ৯.৩০ বজাত সীমান্ত সুৰক্ষা বাহিনীয়ে গুলীচালনা কৰে।

BSF ৰ সূত্ৰ অনুসৰি, পাকিস্তানী ড্ৰ’নখন আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰে থকা ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছিল। ড্ৰ’নৰ পোহৰ দেখা পোৱাৰ লগে লগে টহলদাৰী জোৱানসকলে গুলীবৰ্ষণ আৰম্ভ কৰে।

ইয়াৰ পূৰ্বে, ১৬ জুলাইৰ নিশা, পুঞ্চৰ কৃষ্ণাবেচ চেক্টৰত এটা পাকিস্তানী ড্ৰোনে একেদৰে নিয়ন্ত্ৰণ ৰেখা (এলঅ’চি) অতিক্ৰম কৰিছিল।

কিন্তু সতৰ্ক BSF বাহিনীয়ে গুলীবৰ্ষণ আৰম্ভ কৰাৰ লগে লগে ই পলাই গৈছিল। চোৰাংচোৱা বিষয়াসকলে বিশ্বাস কৰে যে ড্ৰোনে পাক সমৰ্থিত উগ্ৰপন্থীলৈ অস্ত্ৰ প্ৰেৰণ কৰিছিল।

যোৱা তিনি বছৰত, পঞ্জাৱ আৰু জম্মুৰ সীমান্তত পাকিস্তানী ড্ৰোনৰ সংখ্যা বৃদ্ধি পাইছে। প্ৰথমতে, চোৰাংচোৱাসকলে ভাবিছিল যে পাকিস্তানে সীমান্ত নিৰীক্ষণৰ বাবে ড্ৰোনব্যৱহাৰ কৰি আছে।

কিন্তু ২০২০ চনৰ আৰম্ভণিতে দুৰ্ঘটনাগ্ৰস্ত ড্ৰোনৰ পৰা অস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ হোৱাৰ পিছত, বুজা গৈছিল যে পাকিস্তানী গুপ্তচৰ সংস্থা ISI এ কাশ্মীৰী আৰু খালিস্তানি উগ্ৰপন্থীক সমৰ্থন কৰিবলৈ ড্ৰোনৰ জৰিয়তে অস্ত্ৰ, ড্ৰাগছ আৰু বিস্ফোৰক প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰি আছে। তেতিয়াৰ পৰা, সীমান্তত ড্ৰোনৰ ওপৰত নিৰীক্ষণ ৰখা হৈছে।