Local, Vocal, Global

কলিয়াবৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে অবৈধভাৱে সৰবৰাহ কৰা তিনিখনকৈ গৰুভৰ্তি বাহন

নিউজ ডেক্স ,২৩ জুলাই : কলিয়াবৰত নিশা পুনৰ আৰক্ষীয়ে জব্দ কৰে অবৈধভাৱে সৰবৰাহ কৰা তিনিখনকৈ গৰুভৰ্তি বাহন।

বাগৰি আৰু জখলাবন্ধা আৰক্ষীয়ে পৃথকে অভিযান চলাই জব্দ কৰে তিনিখনকৈ গৰুভৰ্তি বাহন। বাহনখনৰ পৰা জব্দ মুঠ ৮৬ টা গৰু।

ৰূপহীহাটৰ ইক্ৰামুল হুছেইন আৰু মৰিগাঁৱৰ ইজিজুল হকক কলিয়াবৰৰ পৰা আৰক্ষীয়ে আটক কৰে।

AS 02 CC 1185 আৰু AS 01 EC 4187 নম্বৰৰ ট্ৰাক দুখনৰ পৰা ৬৬ টা গৰু উদ্ধাৰ কৰে আৰক্ষীয়ে । আনহাতে জখলাবন্ধাতো আৰক্ষীয়ে জব্দ কৰে আন এখন গৰুভৰ্তি ট্ৰাক।

জব্দকৃত AS 01 EC 3785 নম্বৰ গৰুভৰ্তি ট্ৰাকখনৰ পৰা জখলাবন্ধা আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় ২০ টা গৰু।নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে  বোকাখাটৰ পৰা নিশা নগাঁও অভিমুখে গৰুখিনি সৰবৰাহ কৰাৰ সময়তে আৰক্ষীৰ অভিযানত জব্দ তিনিখনকৈ গৰুভৰ্তি ট্ৰাক।

উল্লেখযোগ্য যে, ২৪ ঘণ্টাত কলিয়াবৰত জব্দ হৈছে ইখনৰ পিছত আনখন গৰুভৰ্তি বাহন। বৃহস্পতিবাৰে নিশা কলিয়াবৰ আৰক্ষীয়ে ৩৫ টা গৰুসহ এখন ট্ৰাক জব্দ কৰাৰ পিছতে শুকুৰবাৰে নিশা বাগৰি আৰক্ষীয়ে দুখন আৰু জখলাবন্ধা আৰক্ষীয়ে জব্দ কৰে এখন গৰুভৰ্তি ট্ৰাক। দুটা নিশাত চাৰিখনকৈ ট্ৰাকৰ পৰা জব্দ কৰা হয় ১২১টা গৰু। গৰু।