Local, Vocal, Global

সন্ধানহীন ১৯ জন শ্ৰমিকৰ ভিতৰত ৪ জন শ্ৰমিকক জীৱন্তে উদ্ধাৰ

নিউজ ডেক্স, ২৩ জুলাই : অৰুণাচল প্ৰদেশৰ সীমান্তত পথ সংস্থা (BRO)ৰ অধীনত চীন সীমান্তত পথ নিৰ্মাণ কাৰ্যত নিয়োজিত অসমৰ ১৯ জন সন্ধানহীন শ্ৰমিকৰ ভিতৰত ৪ জন শ্ৰমিকক জীৱন্তে উদ্ধাৰ কৰা হৈছে।

৫ জুলাইৰ পৰা কুৰুং কুমেই (Kurung Kumey) জিলাৰ পৰা সন্ধানহীন হৈ আছিল শ্ৰমিককেইজন।

নিখোজ হোৱাৰ পিছতে শ্ৰমিকৰ দলটো দুটা দলত বিভক্ত হৈ পৰিছিল এটা দলত থকা ৮ জন শ্ৰমিকৰ ভিতৰত আজি ৪ জন শ্ৰমিক BRO শিবিৰত উপস্থিত হয়।

দলটোৰ আন ৪ জন শ্ৰমিক অঞ্চলটোৰ হাবিৰ মাজত থকা বুলি সন্দেহ কৰা হৈছে, অঞ্চলটো অতিকে দুৰ্গম বাবে তেওঁলোকে ৰাস্তা হেৰুওৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। খবৰ অনুসৰি গাঁওবাসীয়ে যোগাযোগ কৰি পুনৰ BRO ৰ শিবিৰলৈ অনাৰ চেষ্টা চলাই আছে সন্ধানহীন শ্ৰমিককেইজনক।

উল্লেখ্য যে , সন্ধানহীন ১৯ জন শ্ৰমিকে BRO পথ নিৰ্মাণ কাৰ্যত নিয়োজিত আছিল। ৫ জুলাইত কৰ্মস্থলীৰ পৰা পলায়ন কৰাৰ পিছত ১৩ জুলাইত নিৰুদ্দেশ হোৱা লোকৰ প্ৰতিবেদন দাখিল কৰা হৈছিল। আৰু তাৰ পিছতেই অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছিল। সন্ধানহীন ১৯ জনৰ ১ জনৰ মৃতদেহ কুৰুং নদীৰ পৰা উদ্ধাৰ কৰা হৈছিল।

উল্লেখযোগ্য় যে , ১৪ জনকৈ শ্ৰমিক এতিয়াও সন্ধানহীন। সন্ধান পোৱা ৪ জন শ্ৰমিকৰ ঘৰ বিলাসীপৰা , বৰপেটা , শালবাৰীত। ইতিমধ্য়ে শ্ৰমিককেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

তেজপুৰ (অসম)ৰ পৰা ভাৰতীয় বায়ুসেনাৰ এটা দলে সন্ধানহীন ১৪ জন শ্ৰমিকৰ অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাব বুলি জনায় কুৰুং কুমেয়ৰ উপায়ুক্ত নিঘী বেংগীয়াই।