Local, Vocal, Global

শিৱসাগৰত ৰহস্য়জনক মৃত্য়ু ৯ বছৰীয়া বনকৰা শিশুৰ

নিউজ ডেস্ক, ২১ জুলাই : চৰকাৰে শিশু শ্ৰমিকৰ ক্ষেত্ৰত কঠোৰ যদিও এতিয়াও বহুতে শিশু সকলক শ্ৰমিক হিচাবে ব্য়বহাৰ কৰি আছে ।

শিৱসাগৰ জিলাৰ ভানু ভূমিজ নামৰ ৯ বছৰীয়া শিশুৰ মৃত্য়ুৰ ঘটনাই সমগ্ৰ ৰাজ্য়ত চাঞ্চল্য়ৰ সৃষ্টি কৰিছে।

চূণপোৰা নাহৰআলি খনিকৰ গাঁৱৰ বাসিন্দা ঋতুস্মিতা দত্ত আৰু বিতোপন ঢেঁকীয়াল ফুকনৰ ঘৰত বনকৰা ৯ বছৰীয়া শিশুৰ ৰহস্য়জনক মৃত্য়ুত সৃষ্টি হৈছে উত্তাল পৰিস্থিতিৰ।

বুধবাৰে নিশা শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয় ৯ বছৰীয়া কণমানীটি।

চিকিৎকৰ ভাষ্য় মতে , ভয়ংকৰ নিৰ্যাতন চলিছিল শিশুটিৰ উপৰত। নাবালিকগৰাকীৰ দেহত আৰু মূৰত আঘাতৰ চিন পোৱা গৈছে আৰু শিশুটিৰ গাত গৰম পানী ঢলাৰও চিন পোৱা গৈছে।

উল্লেখ্য, কালি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৯ বছৰীয়া শিশুটিৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল।ঋতুস্মিতা দত্ত আৰু বিতোপন ঢেঁকীয়াল ফুকনৰ ঘৰত বনকৰা ছোৱালী হিচাপে থকা শিশুটিৰ দেহত পোৱা গৈছিল আঘাতৰ চিন।

এগৰাকী ৯বছৰীয়া শিশুৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ঘটনা সন্দৰ্ভত চাহ জনজাতি ছাত্ৰ সন্থাৰ এটি দলে শিমলুগুৰি আৰক্ষীক সাক্ষাৎ কৰাৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবীত এখন স্মাৰকপত্ৰও প্ৰদান কৰে৷

ইতিমধ্যে আৰক্ষীয়ে আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে অভিযুক্ত দম্পতীটোক।