এক ডলাৰৰ মূল্য ৮০ টকাত উপনীত ভাৰতীয় টকাৰ মূল্য পুনৰ হ্ৰাস

নিউজ ডেক্স ১৯ জুলাই : ভাৰতীয় অৰ্থনীতিৰ ইতিহাসত প্ৰথম বাৰৰ বাবে এক ডলাৰৰ মূল্য ৮০ টকাত উপনীত হৈছে। ভাৰতীয় টকাৰ মূল্য পুনৰ হ্ৰাস কৰা হৈছে।
মঙলবাৰে বজাৰ আৰম্ভ হোৱাৰ পিছত, আন্তৰ্জাতিক বজাৰত ডলাৰৰ হিচাপত টকাৰ মূল্য আছিল ৮০ টকা।
কিছু সময়ৰ পৰা, দেশৰ মুদ্ৰাৰ মূল্য নিৰন্তৰ হ্ৰাস হোৱাৰ বাবে মোদী চৰকাৰ বিৰোধীৰ আক্ৰমণৰ সন্মুখীন হৈছে।কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সোমবাৰে সংসদত কয় যে টকাৰ মূল্য হ্ৰাস হোৱাৰ কাৰণ হৈছে বিভিন্ন বিশ্বব্যাপী কাৰণ যেনে খাৰুৱা তেলৰ মূল্য নিৰন্তৰ বৃদ্ধি, বিশ্বব্যাপী অৰ্থনৈতিক মন্দাৱস্থা, বিদেশী বিনিয়োগৰ অভাৱ।
২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পৰা, আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় টকাৰ মূল্য প্ৰায় ২৫ শতাংশ হ্ৰাস পাইছে। শীতকালিন অধিৱেশনৰ আৰম্ভণিতে এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এইকথা কৈছিল।
২০১৪ চনৰ পৰা ভাৰতীয় মুদ্ৰাত এক ডলাৰৰ মূল্যৰ তুলনাত ২০২২ চনত কমেও ১৬ টকা ৮ পইচা বৃদ্ধি পাইছে। লোকসভাৰ অধিৱেশনত এক লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰে এই তথ্য প্ৰদান কৰে।
টকা কমি গ’লে কি হ’ব পাৰে বহুলোকে নাজানে। এই ক্ষেত্ৰত, প্ৰথম প্ৰভাৱ পোনপটীয়াকৈ পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত হ’ব পাৰে। কাৰণ টকাৰ মূল্য হ্ৰাস পালে ইন্ধনৰ মূল্য বৃদ্ধি হোৱাৰ আশংকা আছে। ফলস্বৰূপে, পেট্ৰ’ল আৰু ডিজেল মূল্য় বৃদ্ধি হ’ব পাৰে।