Local, Vocal, Global

হোজাইৰ পৰা নিষিদ্ধ ব্ৰাউন চুগাৰ সহ আটক এজন লোকক

নিউজ ডেক্স ১৯ জুলাই : ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্য়াহত। প্ৰত্য়েক দিনাই আৰক্ষীৰ জালত পৰিছে এটাৰ পিছত আন এটা সৰবাহকাৰী।

এইবাৰ আৰক্ষীয়ে হোজাইৰ ৰেল ষ্টেচনৰ সমীপৰ পৰা প্ৰায় এক কোটি টকা মূল্যৰ নিষিদ্ধ ব্ৰাউন চুগাৰ সহ এজন লোকক আটক কৰে ।

আটক কৰা লোক জনৰ নাম দেৱশীষ হৰ ।লোকজনৰ ঘৰ লামডিংৰ ছাউথ হিল কলনিত।।

লোকজনৰ পৰা প্ৰায় ৯৮৩ গ্রাম ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে ।

ধৃত লোকজনে সামগ্ৰী খিনি বিক্ৰীৰ বাবে ডিমাপুৰৰ পৰা হোজাইলৈ আনিছিল।

নামনি মুৱা অবধ অসম এক্সপ্ৰেছত আনিছিল এই নিষিদ্ধ ব্ৰাউন চুগাৰ খিনি।

আৰক্ষীয়ে NDPS আইনত গোচৰ ৰুজু কৰি ধৃত দেৱশীষ হৰৰ উপৰত জেৰা অব্যাহত ৰাখিছে ।