Local, Vocal, Global

অৰুণাচলত সন্ধানহীন অসমৰ ১৯ জনকৈ শ্ৰমিক

নিউজ ডেক্স ১৯ জুলাই : অৰুণাচলত সন্ধানহীন অসমৰ ১৯ জনকৈ শ্ৰমিক। ৫ জুলাইৰ পৰা সন্ধানহীন শ্ৰমিককেইজন ।

সীমান্তত পথ সংস্থা (BRO)ৰ অধীনত চীন সীমান্তত পথ নিৰ্মাণ কাৰ্যত নিয়োজিত আছিল অসমৰ শ্ৰমিককেইজন ।
ব্ৰোৱে উত্তৰ-পূব অঞ্চলত আন্তঃগাঁথনি প্ৰকল্পৰ এক বৃহৎ নেটৱৰ্ক প্ৰস্তুত কৰি আছে। ইয়াৰ অধীনত, শ্ৰমিকসকলক কাম কৰিবলৈ অনা হৈছিল।


শ্ৰমিককেইজনে কৰুং কুমেই জিলাৰ দুৰ্গম অঞ্চলত কাম কৰি থকা সময়ত নদীত পৰি মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।

ইণ্ডিয়া টুডেৰ মতে, এজন আৰক্ষী বিষয়াই কয় যে, শ্ৰমিকসকলে ঈদৰ বাবে ঠিকাদাৰৰ পৰা ছুটি বিচাৰিছিল , কিন্তু ছুটি নোপোৱাত শ্ৰমিকসকলে খোজ কাঢ়িয়েই অসমলৈ ৰাওনা হৈছিল আৰু তাৰ পাছৰ পৰাই সন্ধানহীন শ্ৰমিককেইজন।

বিষয়াজনে জনায় যে , সোমবাৰে নিশা নদীৰ পৰা উদ্ধাৰ হৈছে সন্ধানহীন এজন শ্ৰমিকৰ মৃতদেহ। ১৮ জন শ্ৰমিকক এতিয়াও বিচাৰি পোৱা হোৱা নাই ,

ইতিমধ্য়ে সন্ধানহীন শ্ৰমিকসকলক বিচাৰি উলিয়াবলৈ আৰু কুমে নদীত উটি যোৱাৰ খবৰ নিশ্চিত কৰিবলৈ এটা উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে , কিছুদিন পূৰ্বে মৰিগাঁওৰ একাংশ শ্ৰমিকে কাম কৰিব গৈছিল বহি ৰাজ্যত আৰু ভূমিস্খলনত বহু লোকৰ মৃত্যু হৈছিল আৰু তাৰ মাজতেই পুনৰ অৰুণাচলত সংঘটিত হৈছে সন্ধানহীনৰ ঘটনা।