Local, Vocal, Global

ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰ প্ৰতিযোগীতাত স্বৰ্ণ পদক অৰ্জন আৰ মাধৱনৰ পুত্ৰ বেদান্ত মাধৱনৰ

নিউজ ডেক্স ,১৮ জুলাই : বিখ্য়াত অভিনেতা হিচাপে খ্যাতি আৰ মাধৱন আজি এজন পিতৃ হিচাবে গৌৰৱান্বিত। মাধৱনৰ পুত্ৰ বেদান্ত মাধৱনে ৪৮ তম জুনিয়ৰ নেচনেল একুৱেটিক চেম্পিয়নশ্বিপ ২০২২ ত এটা নতুন অভিলেখ গঢ়ি তুলিব সক্ষম হৈছে।

১৭ জুলাইত উৰিষ্যাৰ ভুৱনেশ্বৰত অনুষ্ঠিত Junior National Aquatic Championships ত ১৫০০ মিটাৰ ফ্ৰীষ্টাইল সাঁতোৰত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয় বেদান্ত মাধৱন।

অভিনেতা আৰ মাধৱনে তেওঁৰ পুত্ৰৰ সফলতাৰ বিষয়ে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি লিখিছিল, “কেতিয়াও না নক’বা”। 

মাধৱনৰ পুত্ৰ বেদান্তই তেওঁৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগী অদ্বৈত পেজৰ অভিলেখ ১৬ মিনিট আৰু ০.৬ ছেকেণ্ডত ভংগ কৰিছিল। প্ৰতিযোগিতাখনত জয়ী হোৱাৰ মুহূৰ্তটোৰ এটা ভিডিঅ আৰ মাধৱনে শ্বেয়াৰ কৰিছিল ছচিয়েল মিডিয়াত।

অৱশ্যে, এইটো প্ৰথম বাৰৰ বাবে নহয় ,পূৰ্বেও বিভিন্ন সাঁতোৰ প্ৰতিযোগিতাত একাধিক পদক জিকিছে তাৰকা পুত্ৰই।