৫৫ জন যাত্ৰী সহ নৈত পৰিল বাছ নিহত ১৩ জনকৈ যাত্ৰী
নিউজ ডেক্স ,১৮জুলাই : সোমবাৰে পুৱা মধ্য প্ৰদেশত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। খালঘাট সঞ্জয় সেতুৰ পৰা মহাৰাষ্ট্ৰ ৰোডৱেজৰ ইন্দোৰৰ পৰা পুনেলৈ গৈ থকা যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত হৈ বাগৰি পৰে নৰ্মদা নদীত।
জানিব পৰা মতে বাছখনত ৫৫ জন যাত্ৰী আছিল আৰুএই দুৰ্ঘটনাটোত প্ৰায় ১৩ জন যাত্ৰী নিহত হয়।
আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি বৰ্তমান লৈকে ১৩ মৃতদেহ উলিয়াই অনা হৈছে আৰু ১৫ জন লোকক উদ্ধাৰ কৰা হৈছে। তাৰে ৫ ৰ পৰা ৭ জন লোকৰ অৱস্থা অতি সংকট জনক।
দুৰ্ঘটনাটোৰ ফলত বাছ খনৰ কিছু অংশ ভাগি পৰিছিল। যাৰ বাবে কিছু সংখ্যক লোক সাঁতুৰি পাৰলৈ আহিছিল। ঘটনাস্থলীত উদ্ধাৰ কাৰীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে।
বাছ খনে নিয়ন্ত্ৰণ হেৰুৱাই দলঙখনৰ ৰেলিং ভাগি নৰ্মদা নদীত বাগৰি পৰে। ঘটনাস্থলীত উদ্ধাৰ অভিযান অবিৰতভাৱে অব্যাহত আছে।
উল্লেখযোগ্য় যে, ইয়াৰ পূৰ্বেও শুকুৰবাৰে উত্তৰ প্ৰদেশৰ চিত্ৰকূটৰ ৰাজপুৰ অঞ্চলতো এখন ব্যক্তিগত বাছ খাৱৈত পৰি যোৱাৰ ফলত এজন যাত্ৰী নিহত হোৱাৰ লগতে আন ৩০ জন আহত হৈছিল।