Local, Vocal, Global

চাইবাৰ চক্ৰৰ টাৰ্গেট যোৰহাটৰ এগৰাকী প্ৰশাসনিক বিষয়া ধন বিচাৰি মেচেজ প্ৰশাসনিক বিষয়ালৈ

নিউজ ডেক্স ,১৭জুলাই : ৰাজ্য়ত দ্ৰুতগতিত বৃদ্ধি পাইছে চাইবাৰ ক্ৰাইমৰ ঘটনা। চাইবাৰ চক্ৰৰ টাৰ্গেট মন্ত্ৰী-বিধায়কৰ পৰা হাইপ্ৰফাইলৰ লোকলসকল।

এইবাৰ চাইবাৰ চক্ৰৰ টাৰ্গেট যোৰহাটৰ এগৰাকী প্ৰশাসনিক বিষয়া। WhatsApp ত ভুৱা একাউণ্টৰ জৰিয়তে প্ৰৱঞ্চনা দুষ্ট চক্ৰৰ।

মুখ্য সচিবৰ নামত ভুৱা WhatsApp নম্বৰৰ পৰা ধন বিচাৰি মেচেজ আহিছিল যোৰহাটৰ এগৰাকী প্ৰশাসনিক বিষয়ালৈ ।

WhatsApp ৰ জৰিয়তে মুখ্যসচিবৰ নামত ধন বিচাৰি টকা পঠিয়াবৰ বাবে এটা লিংকো পঠাইছিল দুষ্টচক্ৰই ।

কিন্তু সমগ্ৰ ঘটনাটো প্ৰৱঞ্চক চক্ৰৰ দ্বাৰা সংঘটিত বুলি সন্দেহ হোৱাত অনুসন্ধান কৰে প্ৰশাসনিক বিষয়াগৰাকীয়ে।

ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰি অভিযোগ দাখিল কৰিছে যোৰহাটৰ প্ৰশাসনিক বিষয়াগৰাকীয়ে।

এনেধৰণৰ ভুৱা দুষ্টচক্ৰৰ প্ৰৱঞ্চনাৰ বলি হৈছে সমগ্ৰ ৰাজ্য় ।

উল্লেখ্য যে কিছুদিন পূৰ্বে মন্ত্ৰী বিমল বৰা, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাকে ধৰি কেইবাজনো উচ্ছ পদস্থ বিষয়াৰ নামতো WhatsApp যোগে ধন দাবীৰ ঘটনা সংঘটিত হৈছে।