মহানগৰীৰ ধৰ্মীয় অনুষ্ঠানত চুৰৰ চাফাই কাৰ্য্য
![](https://mynewsne.com/wp-content/uploads/2022/07/WhatsApp-Image-2022-07-05-at-10.34.23-AM.jpeg)
নিউজ ডেস্ক, ৫ জুলাই : ৰাজ্যৰ লগতে মহানগৰীত অব্যাহত আছে বিভিন্ন ধৰ্মীয় অনুষ্ঠানত চুৰৰ চাফাই কাৰ্য্য ।
মঙলবাৰে গুৱীহাটী মহানগৰীৰ নুনমাটি অঞ্চলৰ এটা মন্দিত চোৰে লুট-পাট চলায়।
নুনমাটিৰ শিৱপুৰ অঞ্চল স্থিত এটা মন্দিৰত স্থাপন কৰা দান বাকচত চোৰে চুৰি কাৰ্য্য চলায়।
বাতৰি অনুসৰি, ডকাইতসকলে মন্দিৰৰ দান বাকচৰ পৰা প্ৰায় ১০,০০০ টকা লুটি লৈ গৈছিল।
উল্লেখ্য যে, ডকাইতি সংঘটিত কৰা চোৰৰ সংখ্যা বৰ্তমানেও জানিব পৰা হোৱা নাই।
এজন বিষয়াই জনায় যে, ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত এটা গোচৰ ৰুজু কৰা হৈছিল আৰু সম্প্ৰতি তেওঁলোকে বিষয়টোত তদন্ত আৰম্ভ কৰিছে ।
আনহাতে, বাতৰি অনুসৰি মন্দিৰটো আগতে অঞ্চলটোৰ আন এটা অনুষ্ঠানত চোৰে লুট-পাট চলাইছিল।
সেয়েহে,স্থানীয় লোকে অঞ্চলটোত অধিক নিৰাপত্তাৰ দাবী জনাইছে।