Local, Vocal, Global

বিগত তিনিদিনে বন্ধ আছে মাজুলী-নিমাতীঘাট ফেৰী সেৱা

নিউজ ডেস্ক, ৩০ জুন : উত্তৰ-পূবৰ লগতে সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে নেৰানেপেৰা বৰষুণ। যাৰ ফলস্বৰূপে বৃদ্ধি পাইছে ব্রহ্মপুত্রৰ জলপৃষ্ঠ।

ব্রহ্মপুত্রৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বাগৰি থকাৰ ফলশ্ৰুতিৰ বিগত তিনিদিনে বন্ধ আছে মাজুলী-নিমাতীঘাট ফেৰী সেৱা।

উল্লেখযাগ্য যে, অফলামুখ আৰু কমলাবাৰী ফেৰীঘাটৰ ৰেম্প বৰ্তমানেও পানীৰ তলতেই আছে।

আনহাতে, কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক ২জুনলৈকে অসমকে ধৰি উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত বৰষুণ অব্যাহত থাকিব বুলি সৰ্তকতা জাৰি কৰিছে।