Local, Vocal, Global

দৰংৰ শিক্ষা প্ৰতিস্থানসমূহ শনিবাৰৰ লৈকে বন্ধ ঘোষণা

নিউজ ডেস্ক, ২২ জুন : বুধবাৰে অসমৰ দৰং জিলাৰ জিলা প্ৰশাসনে জিলাখনৰ সকলো শিক্ষানুষ্ঠান ২৫ জুনলৈকে বন্ধ ঘোষণা কৰে।

যোৱা সপ্তাহত হোৱা ধাৰাবাহিক বৰষুণৰ পিছত ৰাজ্যখনৰ কেইবাও ঠাইত বানপানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।

জিলা প্ৰশাসনৰ এক চৰকাৰী নিৰ্দেশ অনুসৰি, ব্যক্তিগত আৰু চৰকাৰী অনুদানপ্ৰাপ্ত সকলো শিক্ষানুষ্ঠান বৃহস্পতিবাৰৰ পৰা শনিবাৰৰ লৈকে বন্ধ থাকিব।

অৱশ্যে, এই তাৰিখবোৰত অনুষ্ঠিত হ’বলগীয়া যিকোনো পৰীক্ষা, অনুসূচী অনুসৰি আগবাঢ়িব।