JNU চৌহদত ওলমি থকা অৱস্থাত পচা মৃতদেহ উদ্ধাৰ
নিউজ ডেস্ক, ৪ জুন : এএনআইয়ে শুক্ৰবাৰে এটা টুইটত কয় যে “আজি সন্ধিয়া জেএনইউৰ জংঘলত ৪০-৪৫ বছৰ বয়সৰ এটা অত্যাধিক পচা মৃতদেহ গছত ওলমি থকা অৱস্থাত পোৱা গৈছে। মৃতদেহটো এতিয়াও চিনাক্ত কৰা হোৱা নাই। ঘটনাস্থলীত অপৰাধ আৰু ফৰেনচিক দলৰ দ্বাৰা তদন্ত আৰম্ভ কৰা হৈছে: দিল্লী আৰক্ষী,” ।
বিশ্ববিদ্যালয়খনৰ সূত্ৰই কয়, “এনে লাগিছে যে মৃতদেহটো জেএনইউৰ কাৰোবাৰ নহয়। যমুনা হোষ্টেলৰ ওচৰৰ জংঘলত মৃতদেহটো পোৱা গৈছিল। কেইজনমান শিক্ষাৰ্থী জংঘলত খোজ কাঢ়িবলৈ গৈছিল য’ত তেওঁলোকে এটা দুৰ্গন্ধ অনুভৱ কৰিছিল আৰু কৰ্তৃপক্ষক সতৰ্ক কৰিছিল।”
শুক্ৰবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত বিশ্ববিদ্যালয় কৰ্তীপক্ষই আৰক্ষীক মৃতদেহটোৰ বিষয়ে অৱগত কৰিছিল আৰু আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি জংঘল অঞ্চলত গছৰ পৰা ওলমি থকা এটা অত্যন্ত পচা অৱস্থাত এটা মৃতদেহ পাইছিল।
তাৰ পাছত অপৰাধ আৰু ফৰেনচিক দলক পৰীক্ষাৰ বাবে ঘটনাস্থলীলৈ মাতি আনিছিল। অনুসন্ধানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে যদিও বৰ্তমান সময়লৈকে মৃতদেহটো চিনাক্ত কৰা হোৱা নাই।
আৰক্ষীয়ে কৈছিল যে মৃতদেহটো অত্যন্ত পচি গৈছে যিয়ে সূচায় যে মানুহজন কেইবাদিনো আগতে মৃত্যুবৰণ কৰিছিল।