Local, Vocal, Global

বিতৰ্কিত SI জোনমণি ৰাভাক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৪ জুন: ভাবী স্বামীক নিজেই গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰি চৰ্চাত অহা আৰু পৰৱৰ্তী সময়ত ভাবী স্বামীৰ হৈ ধন সংগ্ৰহৰ অভিযোগত বিতৰ্কত সোমাই পৰা বিতৰ্কিত SI জোনমণি ৰাভাক গ্ৰেপ্তাৰ ।

ভাবী স্বামীৰ হৈ ধন সংগ্ৰহৰ অভিযোগ আছিল বিষয়াগৰাকীৰ বিৰুদ্ধে আৰু সেই গোচৰৰ বাবেই থানাত উপস্থিত হৈছিল জোনমণি ৰাভা আৰু তিনিদিন ধৰি চলোৱা জেৰাৰ অন্তত শনিবাৰে গৰমূৰ আৰক্ষীয়ে গ্ৰপ্তাৰ কৰে SI জোনমণি ৰাভাক । আজিয়ে আদালতত হাজিৰ কৰাব জোনমণি ৰাভাক ।

শুকুৰবাৰে প্ৰায় ১২ ঘন্টা ধৰি জেৰা চলাইছিল জোনমণিক। নিশা গড়মূৰ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ অন্তত যাবলৈ দিয়া হৈছিল জোনমণি ৰাভাক। শনিবাৰে পুনৰ জেৰা চলোৱাৰ পাছতে গৰমূৰ আৰক্ষীয়ে গ্ৰপ্তাৰ কৰিছে জোনমণি ৰাভাক।

শুকুৰবাৰে প্ৰায় ১২ ঘন্টা ধৰি চলোৱা জেৰা জেৰাত পোহৰলৈ আহিছিল ভাবী স্বামীৰে ধনৰ লেনদেনৰ বহু তথ্য।

প্ৰৱঞ্চনাৰ সৈতে নাম সাঙুৰ খাই পৰা জোনমণিৰ বেংক একাউন্টত সোমাইছিল লাখ লাখ টকা। বেংল একাউন্ট যোগে লাখ লাখ টকাৰ লেনদেন কৰিছিল জোনমণিৰ লগতে তেওঁৰ ভাৱি স্বামী ৰাণা পাগাগে। দুটাকৈ বেংক একাউণ্টত সোমাইছিল প্ৰায় ২০ লক্ষাধিক টকা।