কাশ্মীৰত পুনৰ হিন্দুক আক্ৰমণ
নিউজ ডেস্ক, ২ জুন: জম্মু-কাশ্মীৰত বৰ্তমানেও অব্যাহত আছে হিন্দুৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ। এমাহতেই ৮ জনকৈ হিন্দুক টাৰ্গেত সন্ত্ৰাসবাদীৰ ।
আজি কাশ্মীৰত পুনৰ হিন্দুক আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে।
ৰাজস্থানৰ এজন বেংক কৰ্মচাৰী বিজয় কুমাৰক বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ কুলগাম জিলাত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে।
এলাকুই দেহাটি বেংকৰ কৰ্মচাৰী বিজয় কুমাৰক বেংক চৌহদৰ ভিতৰত সন্ত্ৰাসবাদীয়ে গুলীয়াইছিল। আঘাতপ্ৰাপ্ত বিজয় কুমাৰক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল কিন্তু বাটতে তেওঁ মৃত্যু বৰণ কৰিছিল।