Local, Vocal, Global

হাতীগাঁওৰ ঘটনাৰ নতুন মোৰ

নিউজ ডেস্ক, ২৯ মে’- গুৱাহাটীৰ হাতীগাঁও অঞ্চলৰ পৰা সন্ধানহীন হৈ থকা দুই ভাই-ভনীক শনিবাৰে বিহাৰৰ কিশানগঞ্জত মাতৃৰ সৈতে উদ্ধাৰ কৰাৰ পিছত ঘটনাই লৈছে নতুন মোৰ।

ঘটনা সন্দৰ্ভত কেমেৰাৰ সন্মুখত বিস্ফোৰক মন্তব্য ইছমাইৰাৰ ।

আব্বাই দ্বিতীয় বিবাহ কৰোৱাইছিল আৰু আমাক সৰু সৰু কথাতে গালি পাৰিছিল,মাৰধৰ কৰিছিল। মায়ে আমাক মাতি পঠাইছিল সেইবাবে আমি ইব্ৰাহিম মামাৰ লগত মাৰ ওচৰলৈ গুচি গৈছিলোঁ।

হাতীগাওঁ থানাত উপস্থিত হৈ পিতৃৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক মন্তব্য কৰে ইছমাইৰাই।

গুৱাহাটীৰ হাতীগাওঁৰ চিজুবাৰীত থকা নিজ বাসগৃহৰ পৰা শুক্ৰবাৰে এজনী ১৩ বছৰীয়া কিশোৰী আৰু এটা চাৰি বছৰীয়া লৰা নিখোজ হোৱা ঘটনাই বিশেষ চৰ্চা লাভ কৰিছিল ।
আৰক্ষীয়ে সন্দেহ কৰি মন্তব্য প্ৰকাশ কৰিছিল যে কিছুদিন আগতে যিহেতু মাক দেউতাক পৃথক হৈছিল আৰু আজি দেউতাক ঘৰত নাছিল গতিকে দুয়োজন ভাই-ভনীক হয়তো গোপনে মাতৃয়ে লৈ গৈছে ।

আৰু শনিবাৰে বিহাৰৰ কিশানগঞ্জত আৰক্ষীয়ে মাতৃৰ সৈতে শিশু দুটিক উদ্ধাৰ কৰিছিল ।