নেপালত যাত্ৰীবাহী বিমান সন্ধানহীন
নিউজ ডেস্ক, ২৯ মে’- নেপালত দেওবাৰে নিখোজ হৈছে এখন যাত্ৰীবাহী বিমান।
নেপালৰ ব্যক্তিগত এয়াৰ লাইনছ তাৰা এয়াৰৰ এখন যাত্ৰীবাহী উৰাজাহাজ সন্ধানহীন হোৱাৰ খবৰে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।
২২ জন যাত্ৰী সহ নিখোজ হৈছে বিমানখন।
যাত্ৰীবাহী বিমানখনত ৩গৰাকী জাপানী, ৪গৰাকী ভাৰতীয়ৰ লগতে ১৫গৰাকী নেপালৰ যাত্ৰী আছিল বুলি তাৰা এয়াৰলাইনছে সদৰি কৰিছে।
তথ্য অনুসৰি এই বিমানখন পুৱা ৯-৩০ বজাত পোখৰাৰ পৰা জোমচোমলৈ উৰা মাৰিছিল আৰু পোখৰা আৰু যমছমৰ মাজত নিখোজ হৈছে বিমানখন।
নেপাল চৰকাৰে ১৭খন হেলিকপ্টাৰ লৈ অভিযান আৰম্ভ কৰিছে যদিও দুটা ইঞ্জিনযুক্ত বিমানখনৰ সৈতে এতিয়াও কৰ্তৃপক্ষই কোনো যোগাযোগ কৰিব পৰা নাই।
সম্প্ৰতি বিমানখন দুৰ্ঘটনাত পতিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে নেপাল চৰকাৰে।