ড্ৰাগছৰ গোচৰত NCBৰ ক্লিন শ্বিট আৰয়ান খানক
ড্ৰাগছ বিৰোধী সংস্থাই কয় আৰয়ান খানৰ সৈতে কোনো ড্ৰাগছ পোৱা নগ’ল,
আজি NDPS আদালতত NCBয়ে দাখিল কৰা শপতনামাত নাছিল আৰয়ানৰ নাম।
প্ৰমানৰ অভাৱত বলীউড তাৰকা শ্বাহৰুখ খানৰ পুত্ৰ আৰ্যন খানক শুকুৰবাৰে এনচিবিৰ দ্বাৰা ক্লিন শ্বিট প্ৰদান কৰে। লগতে গোচৰটোৰ আন পাঁচজন অভিযুক্তকো “পৰ্যাপ্ত প্ৰমাণৰ অভাৱ”ৰ বাবে অভিযোগৰ পৰা মুক্ত কৰা হৈছিল।
ড্ৰাগছ বিৰোধী সংস্থাটোৱে যোৱা বছৰ মুম্বাইৰ পৰা এখন জাহাজত ড্ৰাগছ পোৱাৰ পিছত ১৪ জন অভিযুক্তৰ নাম লৈ ৬,০০০ পৃষ্ঠাৰ অভিযোগপত্ৰ দাখিল কৰিছিল।
অভিযানৰ পিছত গ্ৰেপ্তাৰ হোৱা আৰিয়ান খানক অভিযুক্ত হিচাপে নামাকৰণ কৰা হোৱা নাই।