Local, Vocal, Global

পদত্যাগ পত্ৰত বহু বিস্ফোৰণ চিত্তৰঞ্জন বসুমতাৰীৰ

AJPৰ নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈ পদত্যাগ পত্ৰত বহু বিস্ফোৰণ চিত্তৰঞ্জন বসুমতাৰীৰ। পদত্যাগ পত্ৰত চিত্ৰৰঞ্জন বসুমতাৰীয়ে দলৰ ভিতৰচৰাত চলি থকা বিভিন্ন খামখিয়ালি উদঙাই দিলে।

তেওঁৰ মতে CAA আন্দোলনৰ পৃষ্ঠভূমিত গঠন হৈছিল AJP কিন্তু এই সৰ্ম্পকত দলে কাম নকৰাৰ অভিযোগ ।


চিত্তৰঞ্জন বসুমতাৰীক অন্ধকাৰত ৰাখি বহু সিদ্ধান্ত লৈছিল AJPৰ নেতৃত্বই। উপনিৰ্বাচনত কংগ্ৰেছৰ সৈতে বুজাবুজিৰ পৰা আৰম্ভ কৰি প্ৰাৰ্থী দিয়ালৈ বহু সিদ্ধান্তক লৈ অসন্তুষ্ট চিত্তৰঞ্জন বসুমতাৰী।

AJPৰ নেতৃত্বৰ মাজত সন্দহ আৰু অবিশ্বাসৰ সৃষ্টি হৈছে আৰু ইয়াৰ ফলত দলটো দুৰ্বল হৈ পৰিছে বুলি মন্তব্য চিত্তৰঞ্জন বসুমতাৰীৰ।


জাতীয় পৰিষদৰ নেতৃত্বৰ ৰাজনৈতিক বিচক্ষণতাকো প্ৰশ্ন কৰিলে চিত্তৰঞ্জন চিত্তৰঞ্জন বসুমতাৰী।


দলৰ সংগঠন আৰু গণতন্ত্ৰ আঁতৰাই ইয়াক ব্যক্তিকেন্দ্ৰিক কৰাৰ অভিযোগ তুলিছে বসুমতাৰীয়ে।

এইদৰে দল আৰু নেতৃত্বৰ বিৰোদ্ধে সৰব হৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে চিত্ৰৰঞ্জন বসুমতাৰীয়ে।