Local, Vocal, Global

ভয়ংকৰ বিপদৰ সন্মুখীন হব পাৰে নামনিত থকা ৰাইজ

নিউজ ডেস্ক, ২১ মে’- নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পত ভয়ংকৰ দৃশ্য় পৰিলক্ষিত হৈছে। মূল বান্ধৰ ওপৰত থকা বান্ধ ভঙাৰ ফলত ভয়ংকৰ ৰূপত বাগৰিছে পানী।
ভয়ংকৰ বিপদৰ সন্মুখীন হব পাৰে নামনিত থকা ৰাইজ।


ধেমাজি জিলাৰ গেৰুকামুখত এন এইচ পি চিৰ অধীনত নিৰ্মাণৰত ২০০০ মেগাৱাচ শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যৎ প্ৰকল্পত প্ৰলয়ৰ সৃষ্টি হৈছে। যোৱা কেইবাদিনো ধৰি দি থকা ধাৰাষাৰ বৰষুণৰ ফলত বান্ধৰ উজনিত তীব্ৰগতিত নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈছে। ফলত মূল বান্ধৰ ওপৰত থকা বান্ধ ভাঙি গৈছে। ফলত ভয়ংকৰ ৰূপত বাগৰিছে পানী।

ঠায়ে ঠায়ে ভূমিস্খলন হোৱাত প্ৰকল্প স্থলীলৈ যাতায়ত ব্যৱস্থা ব্যাহত হৈছে। ফলস্বৰূপে প্ৰকল্প নিৰ্মাণৰ কাৰ্যত বাধাৰ সৃষ্টি হৈছে। মূলবান্ধত প্ৰচণ্ড ঢৌৰ সৃষ্টি হোৱাত প্ৰকল্পৰ যন্ত্ৰ-পাতি স্থানান্তৰ হৈছে। পৰৱৰ্তী সময়ত এই পৰিস্থিতি ভয়ংকৰ হোৱাৰ সম্ভাৱনা আছে।