ভাবী স্বামীৰ প্ৰবঞ্চনা সন্দৰ্ভত জেৰাৰ সন্মুখীন হব পাৰে SI জোনমণি ৰাভা

নিউজ ডেস্ক, ২১ মে’- মাজুলী আৰক্ষীয়ে মাৰথান জেৰা চলাইছে SI জোনমণি ৰাভাৰ ভাবী স্বামী ৰাণাক পগাগক । আৰক্ষীৰ মাৰথান জেৰাত ন ন তথ্য দিছে জোনমণি ৰাভাৰ ভাবী স্বামী ৰাণা পগাগে।
ভাবী স্বামী ৰাণা পগাগে বন্ধকত দিয়া ইনভা জব্দ কৰিলে আৰক্ষীয়ে। ৰঞ্জন কুটুম নামৰ এজনক ইনভা বন্ধকত দিছিল ৰাণা পগাগে।
ঠিকা দিয়াৰ নামত ২৫ লাখ টকা লৈছিল ৰাণাই ৰঞ্জন কুটুমৰ পৰা। SI জোনমণি ৰাভাৰ কোৱাৰ্টাৰত ৰাণা পগাগ আৰু ৰঞ্জন কুটুমৰ চুক্তি হৈছিল আৰু চুক্তিৰ সময়ত SI জোনমণি ৰাভা উপস্থিত আছিল বুলি অভিযোগ উত্থাপিত হৈছে।
টকা ঘূৰাই দিব নোৱাৰি ৰাণা পগাগে নিজৰ ইনভা দিছিল ৰঞ্জন কুটুমক। ভাবী স্বামী ৰাণা পগাগে বন্ধকত দিয়া ইনভা জব্দ কৰিলে আৰক্ষীয়ে।
মাজুলী আৰক্ষীয়ে মাৰথান জেৰা চলাইছে SI জোনমণি ৰাভাৰ ভাবী স্বামী ৰাণাক। ভাবী স্বামীৰ প্ৰবঞ্চনা সন্দৰ্ভত জেৰাৰ সন্মুখীন হব পাৰে SI জোনমণি ৰাভা।