Local, Vocal, Global

পুনৰ বন্ধ কৰা হ’ল মাজুলীৰ ফেৰী সেৱা

নিউজ ডেস্ক, ১৯ মে’- নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ১৫ মে’ৰ ফেৰী সমূহৰ চলাচল বন্ধ কৰি ৰাখিছিল। বুধবাৰে মুকলি কৰা হৈছিল যোৰহাট-মাজুলী ফেৰী সেৱা।

বিগত তিনিদিনে ফেৰী বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত ফেৰী ঘাটসমূহত যাত্ৰীৰ ভিৰ পৰিলক্ষিত হৈছিল।

বুধবাৰে জল পৰিবহণ বিভাগ ফেৰী সেৱা মুকলি কৰি দিছিল যদিও পুনৰ জলস্তৰ বৃদ্ধি পোৱাত বৃহস্পতিবাৰে বন্ধ কৰিছে ফেৰী সেৱা। অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে এই ফেৰী সেৱা।

জল পৰিবহণ বিভাগে জানিব দিয়ে যে পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বন্ধ থাকিব ফেৰী সেৱা।