লক্ষীপুৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন
নিউজ ডেস্ক, ১৯ মে’-গোৱালপাৰাৰ লক্ষীপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত হয় এজন যুৱক । নিহত যুৱকজন কৰ্শাপাকৰী গাঁৱৰ জনক কোঁচ ( ১৫ ) ।
লক্ষীপুৰ বন বিভাগৰ বিস্তীর্ণ বনাঞ্চলত আশ্ৰয় লৈ থকা বৃহৎ বন্যহস্তী জাকটোৱে বুধবাৰে নিশা কৰ্শাপাকৰী গাঁৱত সন্ত্ৰাস চলায় । খাদ্যৰ সন্ধানত ক্ষুৰ্ধাত হাতীৰ জাকটোৱে নিশাৰ ভাগত বনাঞ্চলৰ পৰা ওলাই কৰ্শাপাকৰী গাঁৱত উপস্থিত হয় । হাতীৰ জাকটোক দেখি ত্ৰাসিত হৈ পৰে গাঁওবাসী ।
প্ৰাণৰ ভয়ত দিশহাৰা গাঁৱৰ ৰাইজে ঘৰ-বাৰী এৰি পলায়ণ কৰে । আনহাতে, হাতীৰ জাকে জনক কোঁচক ( ১৫ ) আগচি ধৰি প্ৰাণনাশ কৰে । ইয়াৰোপৰি বহু পৰিয়ালৰ ঘৰ-বাৰী ভাঙি তচ্-নচ্ কৰাৰ লগতে ধান , চাউল খাই তহিলং কৰে ।
এই মৰ্মান্তিক ঘটনা সন্দৰ্ভত গাঁৱৰ ৰাইজে লগে লগে লক্ষীপুৰ বন বিভাগক অৱগত কৰিছিল । কিন্তু , বন বিভাগে অতি পলমকৈ অহা বুলি ৰাইজে অভিযোগ উত্থাপিত কৰিছে । পাছত, আৰক্ষীয়ে জনকৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰৰণ কৰে ।