Local, Vocal, Global

“ফ্লোটিং ডাকঘৰ, ডাল লেক”

নিউজ ডেস্ক, ১৮ মে’- ডাকঘৰৰ সৈতে আপুনি মই সকলো পৰিচিত। কিন্তু আপুনি এনে এটা ডাকঘৰৰ বিষয়ে জানে নে‌ যিটো নাওৰ ওপৰত আছে।


“ফ্লোটিং ডাকঘৰ, ডাল লেক” – ইয়াক বিশ্বৰ একমাত্ৰ উপঙি থকা ডাকঘৰ বুলি দাবী কৰা হৈছে । জটিলভাৱে খোদিত এখন মেৰুন হাউচবোটৰ ওপৰত নিৰ্মাণ কৰা হৈছে এই ডাকঘৰটো। যিটো এতিয়া ডাল হ্ৰদৰ পশ্চিম প্ৰান্ততত আছে।


এই ডাকঘৰত দেশত উপলব্ধ সকলো নিয়মীয়া ডাক সেৱা লাভ কৰিব পাৰি। ফ্লোটিং ডাকঘৰৰ পৰা পোষ্ট কৰা সকলো বোৰত ব্যৱহৃত মোহৰটো অনন্য । তাৰিখ আৰু ঠিকনাৰ সৈতে, ইয়াত ডাল হ্ৰদত এজন নাৱৰীয়াই শিকাৰা বোৱাৰ ডিজাইন আছে।


২০১১ চনৰ আগষ্টমাহত, সেই সময়ৰ তদানীন্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু কেন্দ্ৰীয় যোগাযোগ আৰু তথ্য প্ৰযুক্তি ৰাজ্যিক মন্ত্ৰী শচীন পাইলটে ফ্লোটিং ডাকঘৰ তথা সংগ্ৰহালয় আনুষ্ঠানিকভাৱে মুকলি কৰে।