Local, Vocal, Global

ৰাজ্যত হোৱা বছৰৰ প্ৰথমটো বানৰ ফলত ক্ষতিগ্ৰস্ত হাজাৰ হাজাৰ লোক

ৰাজ্যত হোৱা প্ৰথমটো বানত ৰাজ্যৰ ২০ খন জিলা ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান সময়লৈকে সংহাৰকাৰী বানত কৰুণ মৃত্যু ক সাৱতি লৈছে ৬ জনকৈ লোকে। কাছাৰতে শিশুসহ ২জনৰ মৃত্যু হৈছে। বানত উটিযোৱা সকলৰ বৰ্তমানেও সন্ধান ‌পোৱা নাই‌ ৩ জন লোকৰ।

সংহাৰকাৰী বানত বৰ্তমান সময়লৈকে আক্ৰান্ত হৈছে প্ৰায় ১৯৭২৪৮ জন লোক। সম্পূৰ্ণৰূপে ধ্বংস হৈছে
১০০৫ টা ঘৰ যিকেইটাৰ মেৰামতি অসম্ভৱ। আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ১৭৩২টা ঘৰ।

কপিলী , বৰাক আৰু কুশিয়াৰা নদীৰ পানী বৰ্তমানেও ওফন্দি উঠিছে। কামপুৰ, নগাওঁ, এ পি ঘাট কৰিমগঞ্জত ৰেড এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে। ৬৫২ খন গাওঁ বৰ্তমানেও পানীৰ তলতেই আছে।

প্ৰায় ৩২,৯৫৯ জনে আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে।প্ৰলয়ংকৰী বানত ১৬,৬৪৫ হেক্টৰটকৈও অধিক কৃষিভূমি নষ্ট হৈছে।

বানাক্ৰান্তসকলক উদ্ধাৰৰ বাবে বায়ু সেনাক নিয়োগ কৰা হৈছে। বৰ্তমান সময়লৈকে প্ৰায় ৮৫৭ জন উদ্ধাৰ কৰা হৈছে।
গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী বন্ধ কৰা হৈছে।
মঙলদৈত মথাউৰি চিঙি বিস্তৃৰ্ণ অঞ্চল বানৰ কৱলত পৰিছে।
পুঠিমাৰী- জগন্নাথপাৰাত কালাভাৰ্ট উটি যোৱাৰ ফলত বানে সংহাৰকাৰী ৰূপ ধাৰণ কৰিছে।

ভকতগাঁও-বুঢ়াগাঁও সংযোগী দলং বানে খহোৱা ফলত সম্প্ৰতি যোগাযোগ ব্যৱস্থা ব্যাহত হৈছে। অন্নপূৰ্ণা ঘাটত বানে আৱাসগৃহ উটুৱাই নিয়ে।

ডিমা হাচাওত বৰ্তমান সময়ত পেট্ৰল, ডিজেল, খাদ্যৰ নাটনিয়ে দেখা দিছে।

বানাক্ৰান্তসকলক সহায়ৰ বাবে সম্প্ৰতি জৰুৰীকালীন নম্বৰ মুকলি কৰিছে ০৩৬১-২২৩৭২১৯ , ০৯৪০১০৪৪৬১৭
ট্ৰলফ্ৰী নম্বৰ ১০৭০, ১০৭৯, ১০৭৭


অসমত প্ৰত্যেক বছৰে হোৱা বানৰ ফলত হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত হয়। এই সমস্যাৰ সমাধানৰ বিষয়ে সকলোৱে মন্তব্য কৰে। কিন্তু ইয়াৰ উচিত সমাধান হʼব কেতিয়া?